ETV Bharat / state

Deer meat seized: নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিজেপি নেতাৰ ৰিজ’টত সুগৰি পহুৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:59 PM IST

বিজেপি নেতাৰ ৰিজ’টত সুগৰি পহুৰ মাংসৰ জুতি ৷ দেওবাৰে সুগৰি পহুৰ মাংসসহ দুজন লোকক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ গাতে লাগি থকা কন্যকা ইক’ ৰিজৰ্টখনৰ পৰা পহু মাংস, দুটাকৈ হৰিণৰ শিংসহ লাওখোলা আৰু কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰে।

Deer meat seized
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সুগৰি পহুৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সুগৰি পহুৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ

ৰঙাপৰা/তেজপুৰ, ২৮আগষ্ট: শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ দপদপনি অব্যাহত থকাৰ সঘনাই অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইয়াৰ মাজতে দেওবাৰে সুগৰি পহুৰ মাংসসহ দুজন লোকক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ গাতে লাগি থকা কন্যকা ইক’ ৰিজৰ্টখনৰ পৰা পহু মাংস, দুটাকৈ হৰিণৰ শিংসহ লাওখোলা আৰু কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰে। লক্ষ্যণীয় বিষয়ে যে এই ৰিজৰ্টখনৰ স্বত্বাধিকাৰী এগৰাকী বিজেপি নেতা বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নামেৰী বন্যপ্ৰাণী ৰেঞ্জে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে এখন মটৰ চাইকেলত এজন লোকে পহু মাংস আনি থকাৰ বিষয়ে খবৰ লাভ কৰে ৷ লগে লগে বন বিভাগে মাংসসহ লোকজনক আটক কৰিবলৈ সক্ষম হয় ৷ পহু মাংস সৰবৰাহকাৰীটো জয় কুমাৰ বুলি চিনাক্ত কৰা হয় ৷ ধৃত জয় কুমাৰ কন্যকা ই'ক ৰিজৰ্টৰ পৰিচালক বুলি জানিব পৰা গৈছে ৷

তেওঁ এটা মোনাত ৰিজ’ৰ্টলৈ এই পহু মাংস কঢ়িয়াই আনিছিল ৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বনৰক্ষী দলটোৱে কন্যকা ইক’ ৰিজ’ৰ্টত তালাচী চলায় আৰু ৰিজ’ৰ্টখনৰ ৰান্ধনী শুক্লেশ্বৰক সোধা-পোচা কৰাত ৰান্ধনীজনে পৃথকে লুকুৱাই থোৱা অৱস্থাত আন এক কিলোগ্ৰাম পহু মাংসও উদ্ধাৰ কৰা হয় ৷

পৰৱৰ্তী সময়ত ৰান্ধনীজনকো কৰায়ত্ত কৰে অভিযানকাৰী দলে ৷ ইপিনে দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত গামানি নামৰ বনগাঁওখনৰ জনৈক ধন নামৰ লোকজনৰ বাসগৃহতো অভিযান চলাই বনৰক্ষী দলটোৱে দুটাকৈ সুগৰীপহুৰ কটা মূৰ উদ্ধাৰ কৰাৰ লগতে কেবাটাও মোবাইল আৰু নতুনকৈ হত্যা কৰা পহুৰ নেজো উদ্ধাৰ কৰে ৷

আনহাতে, অভিযানৰ সময়ত মূল অভিযুক্ত ধনে পলায়ন কৰে ৷ অভিযানকাৰী দলটোৱে কৰায়ত্ত কৰা আন দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰে ৷ প্ৰণিধানযোগ্য যে, দুটাকৈ সুগৰী পহুৰ কটা মূৰ উদ্ধাৰ হোৱা ঘটনাই আশেপাশে অঞ্চলটোত পহু হত্যা আৰু পহু মাংসৰ বিক্ৰী চলি থকাটো নিশ্চিত হৈছে ৷

এনে অৱস্থাত পহুমাংসৰ জুতি লোৱা দুজন গ্ৰেপ্তাৰ হ’লেও এনে বহুসংখ্যক লোক থকাটোও স্পষ্ট হৈছে ৷ সম্প্ৰতি পহুৰ চোৰাং চিকাৰৰ এই ঘটনাৰ তদন্ত অব্যাহত আছে ৷ প্ৰণিধানযোগ্য যে, সম্প্ৰতি বন্ধ কৰি দিয়া ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰীগৰাকী স্থানীয় বিজেপি নেতা মৃণাল শইকীয়া বুলি পোহৰলৈ আহিছে ৷

লগতে পঢ়ক : Theft incident: বৰষুণ দিয়াৰ সুযোগ লৈ জেংৰাইমুখত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.