Theft incident: বৰষুণ দিয়াৰ সুযোগ লৈ জেংৰাইমুখত চুৰিকাণ্ড

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:58 PM IST

thumbnail

মাজুলী, 28 আগষ্ট: মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত শিলিখাগুৰি গাঁৱৰ এখন দোকানত দেওবাৰে নিশা এক চুৰিকাণ্ড সংঘটিত হয় । মিন্টু শইকীয়া নামৰ যুৱকজনৰ দোকানত নিশা চোৰে তলা ভাঙি ছেণ্ডেল, মিঠাতেলকে আদি কৰি দোকানৰ বহু সামগ্ৰীৰ লগতে দোকানৰ লকাৰত থকা ধনো চোৰ কৰি লৈ যায় । 

লগতে চোৰে মিন্টু শইকীয়াৰ পত্নী গীতালী মুদৈৰ SBI বেংকৰ CSP ৰ লকাৰত থকা টকাও চোৰ কৰে । অনুমান কৰা হৈছে নিশা বৰষুণ দিয়াৰ সুযোগ গ্ৰহণ কৰি চোৰে চাফাই অভিযান চলাই । সম্প্ৰতি মিন্টু শইকীয়াই এই চুৰি কাৰ্যৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । 

এই ঘটনা সন্দৰ্ভত মিন্টু শইকীয়াই কয় যে, হয়তো চোৰে CSP কেন্দ্ৰটোক লক্ষ্য কৰি চুৰিকাৰ্য সংঘটিত কৰিছিল ৷ কিন্তু CSP কেন্দ্ৰটোত ব্যৱহাৰ হোৱা লেপটপ ঘৰলৈ লৈ যোৱাৰ বাবে চোৰে নিবলৈ সুযোগ নাপালে ।

লগতে পঢ়ক: Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ক্ষোভিত চালক সন্থাৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.