ETV Bharat / state

অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

author img

By

Published : Mar 7, 2021, 9:12 AM IST

শনিবাৰে নিশা গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টি আৰু ৭১ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ক্ৰমে অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথক ৷

অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথ
অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথ

ৰঙাপৰা,7 মাৰ্চ: কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা সাতটাকৈ দলৰ মহাজোঁট বন্ধনৰ মাজত আসন বুজাবুজিক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই শনিবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত এসময়ৰ ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে, ২০০৬ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা ৩১,৬৬৪ টা ভোট লাভ কৰি অভিজিৎ হাজৰিকাই কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীক পৰাভূত কৰিছিল ৷ ২০১৬ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত দলীয় টিকট নাপাই নিৰ্দলীয় দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অভিজিৎ হাজৰিকাই ৷ মাত্ৰ ৩,৪৩৮ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

ইফালে ৭১ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বেণুধৰ নাথক ।

লগতে পঢ়ক: কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.