ETV Bharat / state

Tania Chaudhary felicitated: ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা

author img

By

Published : Oct 13, 2022, 8:49 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা
ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডবলছ ইভেণ্টত পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক বৃহস্পতিবাৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা (Tania Chaudhary felicitated at tezpur)জ্ঞাপন কৰে । উল্লেখ্য় যে এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৫ চনত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ হৈছিল তানিয়াই ।

তেজপুৰ, ১৩ অক্টোবৰ: গুজৰাটত অনুষ্ঠিত সদ্যসমাপ্ত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক বৃহস্পতিবাৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা (Tania Chaudhary felicitated at tezpur)জ্ঞাপন কৰে। লোক নিৰ্মাণ (পথ) বিভাগৰ তেজপুৰ, চতিয়া আৰু ৰঙাপৰা গ্ৰাম্য পথ সংমণ্ডলত সহকাৰী অভিযন্তা হিচাপে যোগদান কৰাত শোণিতপুৰ জিলা প্ৰশাসনে তেওঁক জিলাখনলৈ উষ্ম আদৰণি জনায় ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা
ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা

উল্লেখ্য় যে এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৫ চনত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ হৈছিল । ইয়াৰ উপৰি কমনৱেলথ গেমছ২০২২ৰ লগতে আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছে ।

অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ অধীনত গ্ৰাম্য পথ নেটৱৰ্ক মনিটৰিং ইউনিটৰ কাৰ্যালয়ত অনুষ্ঠিত ২০২২ চনৰ অক্টোবৰৰ বাবে জিলা উন্নয়ন সমিতিৰ বৈঠকত আজি কাৰ্যবাহী অভিযন্তা অজিত মেধি আৰু জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈয়েও তানিয়া চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা
ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা তানিয়াক সম্বৰ্ধনা

গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমৰ খেলুৱৈয়ে চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে । লন বলত দ্বিতীয়টো পদক লাভ কৰে অসমৰ মৃদুল বৰগোঁহায়ে (Mridul Borgohain wins medal at National Game) । ব্যক্তিগত শাখাত তেওঁ লাভ কৰে ব্ৰঞ্জৰ পদক । ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে ।

পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিমবংগক ২৫-৬ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰি সোণ লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, লন বলত অসমক দ্বিতীয়টো সোণ দিয়ে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে । ইফালে, তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ফাইনেলত ঝাৰখণ্ডৰ মুখামুখি হয় যদিও ১১-২৩ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয়ী অসম কন্যা নয়নমণি শইকীয়াই ছেমি ফাইনেলত ঝাৰখণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জৰ পদক লাভ কৰে (Nayanmani Saikia wins bronze medal in lawn ball)।

তদুপৰি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ জলক্ৰীড়াত অসমৰ আস্থা চৌধুৰীয়ে সোণ আৰু বিক্ৰম চাংমাইয়ে ৰূপৰ পদক লাভ কৰে । ভাৰোত্তোলনত অসমৰ তাৰকা খেলুৱৈ পপী হাজৰিকাই লাভ কৰে ৰূপৰ পদক । ইফালে, অসমক ৰূপৰ পদক দিছে নৱাগত চাইক্লিষ্ট চয়নিকা গগৈয়ে । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Kokrajhar DTO arrested:কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.