ETV Bharat / state

শোণিতপুৰত একেদিনাই 11,773 জনক ক’ভিড পৰীক্ষা

author img

By

Published : Jul 5, 2021, 10:11 PM IST

sonitpur-district-administrations-impressive-initiative-to-fight-covid-19
কভিড-19 নিৰ্মূলৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনৰ চমৎকাৰী পদক্ষেপ

স্বাস্থ্য মন্ত্ৰীৰ ঘোষণাৰ পিছতে ক'ভিড-19 নিৰ্মূলৰ বাবে চমৎকাৰী পদক্ষেপ গ্ৰহণ কৰিছে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে ৷ ইয়াৰ মাজতে এদিনত বৃহৎ সংখ্যক ক'ভিড পৰীক্ষা কৰি অভিলেখ কৰিছে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে ৷

তেজপুৰ, 5 জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি ৷ ইয়াৰ মাজতে সোমবাৰে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে চমৎকাৰী তথ্য ৷ সোমবাৰৰ দিনটোত অভিলেখ সংখ্যকভাৱে জিলাখনত 11,773 জনৰ লোকৰ ক'ভিড পৰীক্ষা কৰা হয় বুলি তথ্য প্ৰকাশ কৰিছে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে জিলাখনত এক সপ্তাহৰ ভিতৰতে ক'ভিড-19 নিৰ্মূলৰ চমৎকাৰী পদক্ষেপ গ্ৰহণ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

sonitpur-district-administrations-impressive-initiative-to-fight-covid-19
শোণিতপুৰ জিলা প্ৰশাসনৰ চমৎকাৰী পদক্ষেপ

শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰে দিনটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাৰিজনকৈ ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে সমগ্ৰ জিলাখনত 11,773 গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ কিন্তু অতি লক্ষণীয়ভাৱে এই পৰীক্ষণ কোনো ভেকচিন কেন্দ্ৰত দেখিবলৈ পোৱা নগ’ল ৷ সোমবাৰে জিলাখনত পুনৰ কভিডত আক্ৰান্ত হৈছে 51 জন শিশু আৰু কিশোৰ কিশোৰী ৷

ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগে 4 জুলাই লৈকে দিয়া তথ্য অনুসৰি, শোণিতপুৰ জিলাৰ আক্ৰান্তৰ সংখ্যা 1,858 জন আৰু যোৱা 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা 331 জন ৷

সোমবাৰে দিনটোত জিলাখনত পুনৰ 4 জন ক'ভিড আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ ইয়াৰে তিনিজনৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু এজনৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে ৷ ইয়াৰ লগে লগে জিলা খনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 196 জন ৷ জিলাখনত সোমবাৰে পুনৰ জন শিশু আৰু কিশোৰ-কিশোৰীৰ আক্ৰান্ত হৈছে ৷

sonitpur-district-administrations-impressive-initiative-to-fight-covid-19
শোণিতপুৰ জিলা প্ৰশাসনৰ চমৎকাৰী পদক্ষেপ

আনহাতে বিশ্বনাথ জিলাত সোমবাৰৰ দিনটোত 4773 টা পৰীক্ষাৰ অন্তত 103 জন আক্ৰান্তক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰে এজনৰ মৃত্যু হয় ৷ লগতে লখিমপুৰ জিলাত 5087 জনৰ পৰীক্ষা কৰাৰ পিছত 145 জন আক্ৰান্ত হোৱাৰ লগতে এপ্ৰিল মাহৰ পৰা 77 জন লোকৰ মৃত্যু হৈছে ৷ কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগে লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সংক্ৰমণৰ বাবে উদ্বিগ্ন হোৱাটো লক্ষণীয় ৷

লগতে পঢ়কঃ গুৱাহাটীত পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পুৰোষোত্তম ৰূপালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.