ETV Bharat / state

১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাৰ কথাৰে

author img

By

Published : Aug 13, 2022, 10:01 PM IST

Updated : Aug 13, 2022, 10:55 PM IST

Freedom fighter Thogiram Bora
১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাৰ কথাৰে

ঠগিৰাম বৰা, ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত (In 1942 Quit India Movement) জপিয়াই পৰা এগৰাকী জীৱন্ত সেনানী ৷ স্বাধীনতাৰ পূৰ্বৰ স্মৃতি সুঁৱৰি আজিও আৱেগিক হৈ পৰে ৯৯ বছৰীয়া ঠগিৰাম বৰা (Freedom fighter Thogiram Bora)৷ জীৱিত কালতেই ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপভোগ কৰিবলৈ পাই নিজকে ধন্য মানিছে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ জীৱন্ত সাক্ষী এইগৰাকী সেনানীয়ে ৷

তেজপুৰ, ১৩ আগষ্ট : দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী জীৱন্ত সাক্ষী । নাম ঠগিৰাম বৰা ৷ শোণিতপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ জামুগুৰিহাতৰ মৰণাকুৰীৰ বাসিন্দা ৯৯ বছৰীয়া ঠগিৰাম বৰা । দেশক স্বাধীন কৰা ৰণত জপিয়াই পৰা এগৰাকী জীৱন্ত মনিষী হৈছে ঠগিৰাম বৰা (Freedom fighter Thogiram Bora) ৷

স্বাধীনতাৰ পূৰ্বৰ স্মৃতি সুঁৱৰি আজিও আৱেগিক হৈ পৰে ঠগিৰাম বৰা ৷ স্বাধীনতা আন্দোলনৰ অংশিদাৰ হ’বলৈ পাই নিজকে গৌৰৱবোধ কৰে স্বাধীনতা সংগ্ৰামী ঠগিৰাম বৰাই ৷ ইটিভি ভাৰতৰে হোৱা এক বাৰ্তালাপত স্বাধীনতা সংগ্ৰামী বৰাই কয়, ‘‘মই মোৰ জীৱিত কালতেই ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উপভোগ কৰিবলৈ পাই নিজকে ধন্য মানিছো’’ ।

ইফালে বর্তমান দেশৰ জনসাধাৰণৰ মনত দেখা দিয়া উগ্ৰবাদী মনোভাৱ, হিংসাত্মক কাৰ্যকলাপৰ জৰিয়তে দেশৰ বিভিন্ন সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ অহিংসা নীতিক অৱলম্বন কৰি দেশৰ সমস্যা সমাধান কৰাত আগ্ৰহী হ’বলৈ সকলোকে অনুৰোধ জনাই স্বাধীনতা সংগ্ৰামী ঠগিৰাম বৰাই ৷

ইটিভি ভাৰতৰে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত এইগৰাকী যুদ্ধাই নিৰলসভাৱে কৈ গ’ল স্বাধীনতা আন্দোলনৰ সেইসকল সেনানীৰ কথা (In 1942 Quit India Movement) ৷ তেওঁ কয়, ‘‘মই স্বাধীনতাৰ কামত লগপোৱা বিশেষ ব্যক্তিসকল আছিল স্বাধীনতা সংগ্ৰামী বিজয় ভাগৱতী, মুৰুলী বৰঠাকুৰ, গাঠিকামাণ্ডাৰ, গোলাপ বৰোৱা, ধীৰেন বৰুৱা, মোচাই বৰা, লক্ষ্মী কাকতি, কীৰ্তি ভত্তাচাৰ্জি আদি ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav, ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে

তেওঁলোকৰ লগত স্বাধীনতা আন্দোলনত যোগ দিছিলো । কিন্তু সেই সময়ত অৰ্থাৎ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ সেনাৰ বিৰুদ্ধে ঘিলাধাৰী প্ৰাথমিক বিদ্যালয় ভঙা, জামুগুৰিহাতত বৃটিছৰ সৈন্যই গাঁৱৰ লোকক হাৰাশাস্তি কৰা, লগতে জামুগুৰি হাতৰ পৰা খোজকাঢ়ি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা ঘটনা আজিও পাহৰিব পৰা নাই ।

সেই সময়ত বৃটিছৰ সৈন্যই পতাকা উত্তোলন কৰিব যোৱা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক গুলিয়াই হত্যা কৰা দৃশ্য আজিও বর্তমান চকুৰ আগত ভাঁহি আছে । ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজিৰে পৰা স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল ।

আৰু আজি ৭৫ বছৰৰ অন্তত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰা দেখিবলৈ পাই স্বাধীনতা লাভ কৰা সেই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোৰ যি অমৃতময় আনন্দ, সেয়া আজি পুনৰ মোৰ চকুৰ আগত জিলিকি উঠিছে’’ ৷ দেশৰ স্বাধীনতাৰ ‘‘অজাদি কা অমৃত মহোৎসৱ’’ পালন (Ajadi Ka Amrit Mahotshav) ৰে আজি ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰা হৈছে ।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ঐতিহাসিক ফুলগুৰি ধেৱাৰ জীৱন্ত ইতিহাস

বৰ্তমান সময়ত পালন কৰা স্বাধীনতা আৰু পূৰ্বৰ স্বাধীনতাৰ মাজত কিছু পাৰ্থক্য দেখা পাইছে বুলি উল্লেখ কৰে ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাই ৷ শতবৰ্ষত ভৰি দিবলৈ মাত্ৰ তিনি মাহ বাকী থকা বৰাই কয়, ‘‘তেতিয়াৰ সংগ্ৰামী সত্বা আৰু আজিৰ দেশ প্ৰেমৰ মাজত কিছু পার্থক্য নোহোৱা নহয় ।

সংগ্ৰামী সত্বা আছিল ন্যায়-নিষ্ঠা, নিঃস্বার্থ, ত্যাগ আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত । কিন্তু আজিৰ দেশপ্ৰেমেৰ ক্ষেত্ৰত গান্ধীজিৰ অহিংসা নীতিৰ কিছু কিছু ক্ষেত্ৰত অভাৱ দেখা যায় বুলি উল্লেখ কৰে স্বাধীনতাৰ সেনানিগৰাকীয়ে ৷ পূৰ্বতে অসম চৰকাৰৰ তৰফৰ পৰা দুখনকৈ তাম্ৰপত্ৰ আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰাও স্বাধীনতাৰ সেনানীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷

Freedom fighter Thogiram Bora
১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাৰ কথাৰে

এইবেলিও ১৫ আগষ্টৰ দিনা জামুগুৰিহাতৰ ডাক বঙালাত চৰকাৰীভাৱে আয়োজন কৰা এক অনুষ্ঠানত শ্ৰদ্ধা নিবেদন কৰা হ’ব ভাৰত ত্যাগ আন্দোলনৰ জীৱন্ত সাক্ষী এইগৰাকী মহান সংগ্ৰামী সেনানীক (Saluting brave hearts freedom fighter Thogiram Bora )। ইটিভি ভাৰতৰ পৰিয়ালৰ তৰফৰ পৰাও এইগৰাকী মুক্তিযুদ্ধাক জনালো সহস্ৰ প্ৰণিপাত ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

Last Updated :Aug 13, 2022, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.