ETV Bharat / state

Teachers protest against Government: বাকী থকা সকলো পৰ্যায়ৰ হাইস্কুল প্ৰাদেশীকৰণ কৰক

author img

By

Published : Jun 10, 2023, 9:40 PM IST

provincialised act 2017 assam
বাকী থকা সকলো পৰ্যায়ৰ হাইস্কুল প্ৰাদেশীকৰণ কৰক

সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল (All Assam Venture school Teacher group) ৷ সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ বিশেষ অনুৰোধ ৷ বাকী থকা সকলো পৰ্যায়ৰ হাইস্কুল প্ৰাদেশীকৰণ কৰক ৷

তেজপুৰ,10জুন : খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ মৰা নীতি লৈছে চৰকাৰে ৷ ৰাজ্যৰ শিক্ষাখণ্ডত আমোল পৰিৱৰ্তনৰ জয়গান গোৱা শিক্ষা খণ্ডৰ কথা কৈ ওৰকে নপৰে ৷ এটা সময়ত ৰাইজৰ দান বৰঙনিৰে প্ৰতিষ্ঠা কৰা বিদ্যলয়সমূহ বৰ্তমান জলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে । শনিবাৰে এক সংবাদমেলত সৰৱ হৈ পৰিল সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থা (All Assam Venture school Teachers group)৷ তেওঁলোকৰ মতে ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় 30 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অ-প্ৰাদেশীকৃত বিদ্যালয়সমূহত অধ্যয়ন কৰি আছে ।

এই সমূহ বিদ্যালয় 2006 ৰ পহিলা জানুৱাৰীৰ আগতেই ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বিদ্যালয় (2006 provincialized act) । 2006 ৰ আগৰে পৰাই এই সমূহ বিদ্যালয়ৰ পৰা ছাত্ৰ- ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আহিছে । বৰ্তমান এই বিদ্যালয়সমূহ থকা অঞ্চলবোৰত সেই সময়ত হাইস্কুল নথকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি আৰু কোনো কোনোৱে ব্যক্তিগত মাটি দান দি হ'লেও এই হাইস্কুলসমূহ প্ৰতিষ্ঠা কৰিছিল ।

কিন্তু 2013 আৰু 2022ত কিছু সংখ্যক হাইস্কুল প্ৰাদেশীকৰণ হ'ল যদিও বহুসংখ্যক হাইস্কুল সেই সময়ত বাদ পৰি ৰ'ল । শেহতীয়াকৈ অসম চৰকাৰে এই ভেনছাৰ শিক্ষানুষ্ঠানসমূহত এতিয়ালৈকে পাই থকা মধ্যাহ্ন ভোজনৰ ব্যৱস্থা বিগত পহিলা এপ্ৰিলৰ পৰা বন্ধ কৰি দিলে ৷ কি কাৰণে চৰকাৰে এই বিদ্যালয় সমূহক মাহী আইৰ চকুৰে চাইছে বুজি পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিলে সন্থাটোৰ বিষয় বিষয়ববীয়াই (All Assam Venture school Techers group press meet) ৷

সন্থাটোৱে বৰ্তমানলৈকে প্ৰাদেশিকীকৰণ কৰিবলৈ বাকী থকা সকলো পৰ্যায়ৰ হাইস্কুল প্ৰাদেশীকৰণ কৰাৰ দাবী জনায় সংবাদমেলত ৷ 2006 ৰ পহিলা জানুৱাৰী বা তাৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ বিদ্যালয় বর্তমান যি পৰ্যায়তে বা অৱস্থাতে নাথাকক কিয় সকলো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে । সন্থাটোৱে প্ৰাদেশিকীকৰণ আইনখন 2006 ক ভিত্তি বৰ্ষ হিচাবে ধৰি লৈ 2017-18 সংশোধন ঘটালে যদিও হাইস্কুলৰ ক্ষেত্ৰত নৱম শ্ৰেণী প্ৰথম শ্ৰেণী হিচাবে ধৰা হ'ল বুলি উল্লেখ কৰি 2010 ৰ 31 ডিচেম্বৰলৈকে অষ্টম শ্ৰেণী হাইস্কুলৰ লগত সংলগ্ন হোৱা বুলি উল্লেখ কৰে (provincialized act 2017 Assam) ৷

লগতে পঢ়ক:Priya Kumari accident : পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে প্ৰিয়াই

etv play button
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.