ETV Bharat / state

পেগাচাছ বিষয়টো মিছা আৰু ভিত্তিহীন: পল্লৱ লোচন দাস

author img

By

Published : Jul 24, 2021, 4:11 PM IST

Pallab lochan Das reaction on pegasus issue
পেগাচাছ সন্দৰ্ভত সাংসদ পল্লৱ লোচন দাসৰ মন্তব্য

"পেগাচাছৰ (Pegasus) নিৰীক্ষণক লৈ উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । এয়া মাথোঁ কংগ্ৰেছৰ এক ইছ্যু" । শনিবাৰে তেজপুৰত টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি এই মন্তব্য কৰে সাংসদ পল্লৱ লোচন দাসে ।

তেজপুৰ, ২৪ জুলাই : কেন্দ্ৰীয় চৰকাৰে দাবী কৰি অহাৰ দৰে শনিবাৰে সাংসদ পল্লৱ লোচন দাসেও পেগাচাছৰ নিৰীক্ষণক লৈ উত্থাপিত অভিযোগক সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন আখ্যা দিয়ে । তেওঁ কয় যে, বিৰোধীয়ে কেৱল চৰকাৰক সমালোচনা কৰাৰ বাবে এই বিষয়টোক ইছ্যু হিচাপে লৈছে । তেওঁ কংগ্ৰেছক উদ্দেশ্যি এই আক্ৰমণাত্মক মন্তব্য কৰে । শনিবাৰে তেজপুৰত টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে ।

ৰাইজে স্ব-ইচ্ছাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে আৰু সকলোকে নিৰ্ধাৰিত সময় অনুসৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে, বৰ্ষাকালীন অধিৱেশনত ৰাইজৰ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ নামত একাংশ সাসংদে অযথা হূলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, এয়া অশুভ পৰম্পৰা । কিবা সমস্যা থাকিলে সদনত প্ৰশ্ন কৰিব লাগে আৰু চৰকাৰে উত্তৰ দিব ৷

পেগাচাছ সন্দৰ্ভত সাংসদ পল্লৱ লোচন দাসৰ মন্তব্য

কিন্তু প্ৰশ্ন কৰাৰ অজুহাতত সদনত ৰাজপথৰ আন্দোলন কৰাৰ দৰে পৰিৱেশ সৃষ্টি কৰাতো অনুচিত । লক্ষণীয়ভাৱে, সংসদৰ অধিৱেশনত এইবাৰ পেগাচাছৰ (Pegasus) বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে । ইফালে, অসমৰ দুজন ব্যক্তিৰ নামো সাঙোৰ খাই পৰিছে পেগাচাছ (Pegasus Spyware) বিতৰ্কৰ সৈতে ।

সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ (Anup Chetia) ফোন নম্বৰ অন্তৰ্ভুক্ত হৈছে পেগাচাছৰ সম্ভাৱ্য নিৰীক্ষণ তালিকাত । অৱশ্যে, চৰকাৰে এই কথা নস্যাৎ কৰিছে । এই সন্দৰ্ভত সাংসদ পল্লৱ লোচন দাসে কয় যে, কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে পেগাচাছৰ বিষয়ে সকলো কথা স্পষ্ট কৰি দিছে । তাৰ পিছতো কংগ্ৰেছে ইছ্যু হিচাপে ব্যৱহাৰ কৰি সংসদৰ কাম-কাজত বাধা প্ৰদান কৰি আছে ।

উল্লেখ্য যে, বৰ্তমান পেগাচাছৰ বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে । ৰাজনৈতিক নেতা, সাংবাদিকৰ কাৰ্যকলাপ অবৈধভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ভাৰত চৰকাৰৰ বিৰুদ্ধে ।

লগতে পঢ়ক:অসমলৈ অমিত শ্বাহ, উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.