ETV Bharat / state

অসমলৈ অমিত শ্বাহ, উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

author img

By

Published : Jul 24, 2021, 1:06 PM IST

Amit Shah to lay foundation stone of BTR's first medical college
অসমলৈ অমিত শ্বাহ , উদ্বোধন কৰিব বড়োভূমিৰ প্ৰথমখন মেডিকেল কলেজ

দুদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত অমিত শ্বাহৰ এই ভ্ৰমণ ৷ এই ভ্ৰমণৰ অংশ হিচাপে তেওঁ দেওবাৰে পশ্চিম অসমৰ তামুলপুৰত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে ৷

গুৱাহাটী, ২৪ জুলাইঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে পশ্চিম অসমৰ তামুলপুৰত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে দুদিনীয়া অসম আৰু মেঘালয় ভ্ৰমণলৈ আহিছে ৷ এই ভ্ৰমণৰ অংশ হিচাপে তেওঁ শনিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী(union home minister) গৰাকীয়ে উত্তৰ-পূব পৰিষদৰ ৬৯ তম প্লেনাৰী চেচন(69th plenery session of the North East Council )ত ভাষণ প্ৰদান কৰিব৷ ইয়াৰ পিছতে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিব । মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত তেওঁ সমগ্ৰ অঞ্চলটোৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিব বুলি ধাৰণা কৰা হৈছে ।

শনিবাৰৰ দিনটোতেই শ্বিলঙৰ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ো পৰিদৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে৷ দেওবাৰে তেওঁ গুৱাহাটী ভ্ৰমণ কৰিব আৰু বিটিআৰৰ (Bodoland Territorial Region )ৰ তামুলপুৰত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৷

গৃহমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত সংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানৰ পৰা ভাৰ্চুৱেলি এই আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খন বিটিআৰ(BTR)ৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হ'ব ৷ ইয়াত, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন(Assam Cancer Care Foundation)ৰ অধীনত কৰ্কট ৰোগ চিকিৎসালয়ো থাকিব বুলি আশা কৰা হৈছে ৷ আশা কৰা হৈছে যে, তামুলপুৰত নিৰ্মাণ হ’ব লগীয়া এই চিকিৎসা মহাবিদ্যালয়খনে চুবুৰীয়া দেশ ভূটানৰ ৰোগীসকলৰো প্ৰয়োজনীয়তাও পূৰণ কৰিব যি দুই দেশৰ মৈত্ৰীৰ সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাব ৷

লগতে পঢ়ক : সীমান্ত বিবাদ সমাধানৰ উদ্দেশ্যে অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.