ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ গৈ সোণোৱালক বিফল সজালে নেকি গণেশ লিম্বুৱে !

author img

By

Published : Aug 20, 2021, 9:07 PM IST

ASSAM BODER ISSUE
সীমা সমস্যা

‘‘এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যাৰ বিষয়টোত গুৰুত্ব দিয়া বাবেহে সীমান্তত এনে জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নহয় কোনো চৰকাৰেই সীমা সমস্যাক লৈ ইমান সৰৱ হোৱা নাছিল ৷’’ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰোঁতেই সোণোৱালক ব্যৰ্থ সজালে বিধায়ক গণেশ লিম্বুৱে ৷

তেজপুৰ, ২০ আগষ্ট : ‘‘পূৰ্বতে অসম আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত থকা সীমা সমস্যাৰ ক্ষেত্ৰত চৰকাৰ উদাসীন আছিল ৷ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যাৰ বিষয়টোত গুৰুত্ব দিয়া বাবেহে সীমান্তত এনে জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নহয় কোনো চৰকাৰেই সীমা সমস্যাক লৈ ইমান সৰৱ হোৱা নাছিল ৷’’ এই মন্তব্য বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ ৷

লগতে পঢ়ক : দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ল ভূগোল আৰু বুৰঞ্জী

বিগত ৫ টা বছৰে চৰকাৰে অসমৰ সীমা সমস্যা যিদৰে গুৰুত্ব দিব লাগিছিল সেয়া গুৰুত্ব নিদিলে বুলি উল্লেখ কৰি চুবুৰীয়া ৰাজ্যক এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ বিধায়কজনৰ ৷ কিন্তু চুবুৰীয়া ৰাজ্যৰ মাজত সম্প্ৰীতিৰ কথাও উল্লেখ কৰিলে তেওঁ ৷ আনহাতে মেৰাপানীত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন বা আক্ৰমণৰ ঘটনা নতুন কথা নহয়, ইয়াৰ আগতেও হৈছে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

বিজেপি বিধায়ক গণেশ লিম্বুৰ মন্তব্য

সীমা সমস্যাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ লোৱা বুলি কয় গণেশ লিম্বুৱে ৷ শুকুৰবাৰে তেজপুৰত শোণিতপুৰ জিলা উপায়ুক্তৰ সভা কক্ষত অসম চৰকাৰৰ এশ দিনীয়া খতিয়ান অনুষ্ঠানত অংশ লয় বিধায়ক গৰাকীয়ে ৷ নিজৰ ভাষণত তেওঁ অসম আৰু চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ বিষয়টো উত্থাপন কৰিবলৈ গৈ পূৰ্বৰ নিজৰ চৰকাৰখনৰেই সমালোচনাত মুখৰ হৈ পৰে ৷

লগতে পঢ়ক : শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

উল্লেখ্য যে, বিগত কেইটামান দিনত অসমৰ সীমান্ত জ্বলি থকা সীমা বিবাদৰ জুইকুৰা দপদপকৈ জ্বলিবলৈ ধৰিছিল ৷ মেৰাপানী নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীলৈ গুলী চালনা কৰাৰ কেইদিনমান পাচতে অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত শ্বহীদ হয় সাতজনকৈ অসম আৰক্ষীৰ জোৱান ৷ তাৰোপৰি অৰুণাচল আৰু মেঘালয়েও বিভিন্ন সময়ত আগ্ৰাসন কৰি আহিছে অসমৰ ভূমি ৷

সীমা বিবাদ সন্দৰ্ভত ইতিমধ্য়ে কেন্দ্ৰৰ পৃষ্ঠপোষকতাত অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য কেইখনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছে হিমন্ত বিশ্ব শৰ্মা ৷ মিজোৰামৰ সৈতেও হৈছে বৈঠক ৷ এই কথাকে ক’বলৈ গৈ পূৰ্বৰ বিজেপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক প্ৰকাৰ ব্যৰ্থ প্ৰতিপন্ন কৰিলে বিধায়ক গণেশ লিম্বুৱে ৷

লগতে পঢ়ক : শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.