ETV Bharat / state

Minister ashok singhal in Tezpur : নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় মন্ত্ৰী অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:28 PM IST

Minister ashok singhal in Tezpur
নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় মন্ত্ৰী অশোক সিংহল

গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া বান সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ । নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহল জ্ঞাত নহয় বুলি জনায় সিংহলে ৷

নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় মন্ত্ৰী অশোক সিংহল

তেজপুৰ, 8 অক্টোবৰ: গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ অন্যতম কাৰক হৈছে পাহাৰত হোৱা অবৈধ বেদখল ৷ পাহাৰ কাটি বাসস্থান কৰাৰ ফলতে এই ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে বুলি শনিবাৰে মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী অশোক সিংহলে ৷ পানী যোৱাৰ বাট অৰ্থাৎ নলা-নৰ্দমাসমূহ বন্ধ হৈ পৰাৰ ফলতো নতুনকৈ চহৰ-নগৰসমূহত কৃত্ৰিম বানৰ সমস্যা উদ্ভৱ হোৱা বুলি মন্ত্ৰী সিংহলে উল্লেখ কৰে ৷ বানৰ সমস্যা নাইকিয়া কৰিবৰ বাবে প্ৰয়োজনত প্ৰশাসনে বেদখল মুক্ত কৰিব বুলিও কয় মন্ত্ৰী সিংহলে ৷

মন্ত্ৰীগৰাকীয়ে নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় বুলি তেজপুৰ আৱৰ্ত্ত ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত কয়, "প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে “মোৰ দেশ মোৰ মাটি” শীৰ্ষক শ্লোগানেৰে আৰম্ভ হোৱা অমৃত কলহ যাত্ৰা কেৱল বিজেপিৰ বাবেই নহয় সকলোৰে বাবেই সমানে গুৰুত্বপূৰ্ণ হোৱাটো উচিত ৷ সেয়া লাগিলে AGP য়েই হওক নতুবা কংগ্ৰেছেই হওক ৷

কোনোবাই যদি ইয়াত অংশগ্ৰহণ কৰিছে, তাত ৰাজনীতিকৰণ কৰিব নালাগে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ তেজপুৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ Opinion Poll ৰ ভিত্তিত দাবী কৰা 11 খন আসনৰ বিপৰীতে মন্ত্ৰী অশোক সিংহলে 12 খন আসনেই লাভ কৰিব বুলি দাবী কৰে ৷

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাৱণ চৰিত্ৰৰ সৈতে ৰিজাই বনোৱা পোষ্টাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰী অশোক সিংহলে ৷ যিগৰাকী ব্যক্তিয়ে দেশৰ বাহিৰত নিজ দেশ সন্দৰ্ভত টুলুঙা মন্তব্য আগবঢ়াব পাৰে তেওঁক ৰাৱন নকৈ ৰাম ক'ব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী অশোক সিংহলে ৷

লগতে পঢ়ক: Assam CM on Flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.