ETV Bharat / state

Assam CM on Flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত; মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 7:56 AM IST

Updated : Oct 8, 2023, 9:15 AM IST

Assam CM blamed the journalists for the artificial floods in Guwahati
গুৱাহাটীৰ বানৰ সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ পৰ্টেল আৰু টিভি চেনেলৰ হাতত গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে ৷ কৃত্ৰিম বানৰ মূল কাৰণটোৱেই হৈছে বিলসমূহ দখল কৰি ঘৰ নিৰ্মাণ কৰা । কিন্তু এতিয়া উচ্ছেদ চলালে সাংবাদিকে ক’ব খিলঞ্জীয়াৰ ঘৰ ভাঙিছে । সাংবাদিকে দুইফালে নিলিখি চাবিটো ৰাজ্য চৰকাৰৰ হাতত গতাই দিলে মহানগৰীৰ বান সমস্যা সমাধান হ’ব ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

গুৱাহাটীৰ বানৰ সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 8 অক্টোবৰ: কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণত জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ বিগত 3/4 দিন মহানগৰীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বানে হাৰাশাস্তিত ভোগাইছে মহানগৰবাসীক । অৱশ্যে মহানগৰীখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নাভূত-নাশ্ৰুত বক্তব্য আগবঢ়ায় অহা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্ত দোষ ঠেলিলে সংবাদ সংস্থা তথা সংবাদ কৰ্মীলৈ ৷

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এইবাৰ বহু কম ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । মই আজি উপগ্ৰহযোগে ফটো আনি চাইছো । অনিল নগৰ আৰু নবীন নগৰৰ বান ৰোধ কৰাটো ইমান সহজ কথা নহয় । আমি পাম্প আনি চলাইছো, এতিয়া পানী কমিছে । কৃত্ৰিম বানপানীৰ মূল কাৰণটোৱেই হৈছে মানুহে বিলসমূহ দখল কৰি ঘৰ নিৰ্মাণ কৰা । বহু ঠাইত পাহাৰ, ৰেল লাইনৰ বাধাত আমি নলা-নৰ্দমা বনাব পৰা নাই । উদাহৰণস্বৰূপে অপ্সৰাৰ পৰা বৰশলা হৈ নন্দন হোটেললৈ থকা নলা দখল কৰিছে মানুহে । কিন্তু এতিয়া উচ্ছেদ চলালে সাংবাদিকে ক’ব খিলঞ্জীয়াৰ ঘৰ ভাঙিছে । সাংবাদিকে বাতৰি নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলে আমি উচ্ছেদ চলাম ।"

এই সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত । সাংবাদিকে দুইফালে নিলিখি চাবিটো ৰাজ্য চৰকাৰৰ হাতত গতাই দিলে মহানগৰীৰ বানপানী সমস্যা সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

আনহাতে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত সৰ্প দংশন হোৱা 5 বছৰীয়া শিশুটিৰ চিকিৎসকৰ গাফিলতিৰ ফলত মৃত্যু হোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কালি নলবাৰীত এনে এক ঘটনা সংঘটিত হৈছে । আমি সহকাৰী অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম । এই ঘটনা সন্দৰ্ভত তদন্ত চলি আছে । ইতিমধ্যে সহকাৰী অধ্যাপকগৰাকীক শীঘ্ৰেই বদলিৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বান সমস্যা সন্দৰ্ভত সমাধান সূত্ৰ বিচৰাৰ পৰিৱৰ্তে টুলুঙা মন্তব্য আগবঢ়োৱা কথাটোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ জনজীৱন বিপন্ন কৰি পেলোৱা মহানগৰীখনৰ বান সন্দৰ্ভত আগবঢ়োৱা কেতবোৰ দায় সৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে বিভিন্ন মহলত ৷

লগতে পঢ়ক: Protest in Nagaon: অংগনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতিৰ দাবী

Last Updated :Oct 8, 2023, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.