Protest in Nagaon: অংগনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতিৰ দাবী

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:09 PM IST

thumbnail

নগাঁও, ৭ অক্টোবৰ: ৰাজ্য চৰকাৰে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ কাৰ্যকৰ্তা সকল প্ৰতিবাদমুখৰ হৈ পৰিছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে নগাঁও । নগাঁও জিলাৰ খাগৰিজান প্ৰকল্পৰ কাৰ্যালয়ৰ সম্মুখত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সংস্থাই আজি অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে । অংগনৱাড়ী কৰ্মী-সহায়িকা সস্থাৰ উদ্যোগত ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে ।

উল্লেখ্য যে কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মীক একালীন সাহাৰ্য প্ৰদান কৰাৰ লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতিৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । বিভাগীয় কৰ্তৃপক্ষক কৰ্মী-সহায়িকাই দাবী সমূহ পূৰণ কৰিবলৈ আহবান জনায় । কৰ্মী-সহায়িকাৰ এই দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে পৰৱৰ্তী সময়চোৱাত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে । উল্লেখ্য যে অতি কম মাননিৰ বিনিময়ত এই সকল অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক চৰকাৰে বিভিন্ন সময়ত কামত খটুৱাই আছে । কিন্তু তাৰ বিনিময়ত ন্য়ূনতম মজুৰি প্ৰদান কৰি আহিছে ৰাজ্য চৰকাৰে । 

লগতে পঢ়ক:Natural Disasters in Sikkim: ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত নিৰুদ্দিষ্ট লোক পাইলট হীৰেন দেউৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.