ETV Bharat / state

Life imprisonment: শোণিতপুৰত ৫ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Mar 1, 2022, 1:47 PM IST

শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এক ঐতিহাসিক ৰায়দান (Men sentenced to life imprisonment)। ২০০৮ চনত চাৰিদুৱাৰ থানাৰ অধীনত সংঘটিত এক হত্যাকাণ্ডৰ ৫ অভিযুক্তৰ বিৰুদ্ধে আদালতে ঘোষণা কৰিলে যাৱজীবন কাৰাদণ্ড । শোণিতপুৰ জিলা আৰু ন্যায়াধীশ চত্ৰ ভূষণ গগৈৰ আদালতে এই ঐতিহাসিক ৰায় প্ৰদান কৰে ।

Sonitpurhistoric-verdict-of-sonitpur-district-sessions-judge-court
শোণিতপুৰত ৫ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

তেজপুৰ, ১ মাৰ্চ : শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান (Men sentenced to life imprisonment)। ২০০৮ চনৰ এটা হত্যাৰ গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ঘোষণা কৰিলে আদালতে। অভিযুক্ত কেইগৰাকী ক্ৰমে ৰঞ্জন বসুমতাৰী, ৰজনী বসুমতাৰী, সঞ্জয় বসুমতাৰী, প্ৰহ্লাদ বসুমতাৰী আৰু মহেশ্বৰ বসুমতাৰী ।

২০০৮ চনত চাৰিদুৱাৰ থানাৰ অধীনত অনিমা বসুমতাৰী নামৰ এগৰাকী মহিলাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন । দীৰ্ঘদিন ধৰি গোচৰটোৰ শুনানি চলিছিল আৰু অৱশেষত শোণিতপুৰ জিলা আৰু ন্যায়াধীশ চত্ৰ ভূষণ গগৈৰ আদালতে এই ঐতিহাসিক ৰায় প্ৰদান কৰে । উল্লেখ্য যে চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দিছিল শোণিতপুৰ জিলাৰ অধিবক্তা মুনীন চন্দ্ৰ বৰুৱাই ।

লগতে পঢ়ক :Cannabis seize in Tripura : ১৩০ কেজি গাঞ্জাসহ ত্ৰিপুৰাত আটক সৰবৰাহকাৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.