ETV Bharat / state

Assam Floods: মিছামাৰীৰ বঙালগাঁৱত গাভৰু নৈৰ ব্যাপক খহনীয়া

author img

By

Published : Jun 23, 2022, 10:58 AM IST

massive-erosion-of-gabhoru-river-in-misamari
Assam Floods: মিছামাৰীৰ বঙালগাঁৱত গাভৰু নৈৰ ব্যাপক খহনীয়া

ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা(Flood in Assam) ৷ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙালগাঁৱত অব্যাহত আছে গাভৰু নৈৰ ব্যাপক খহনীয়া(Massive erosion of Gabhoru River in Misamari) । নদীত জাহ গৈছে কৃষক ৰাইজৰ শৃ-শ বিঘা কৃষিভূমি তথা বাসগৃহ ৷

ৰঙাপৰা, 23 জুন : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা গাভৰু নদীয়ে ব্যাপক গৰাখনীয়াৰ সৃষ্টি কৰিছে(Flood in Sonitpur) । নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে মিছামাৰীৰ বঙালগাঁও আৰু থেকেৰাজুলি গাঁৱৰ বহুলোকৰ মাটি-ভেটি তথা কৃষক ৰাইজৰ শ-শ বিঘা কৃষিভূমি(Massive erosion of Gabhoru River in Misamari) । শেহতীয়াকৈ নৈখনৰ বুকুত জাহ গৈছিল পাঁচটা পৰিয়ালৰ মাটি-ভেটি ।

মিছামাৰীৰ বঙালগাঁৱত গাভৰু নৈৰ ব্যাপক খহনীয়া: নদীত জাহ গ'ল পাঁচটা পৰিয়াল

অতি পৰিতাপৰ বিষয় যে, দৰিদ্ৰ ৰাইজে লাভ কৰা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহও জাহ গ'ল নৈৰ বুকুত । নৈপৰীয়া একাংশ ৰাইজে উপায়বিহীন হৈ নিজে সাজি উলিওৱা পকীগৃহ নিজৰ হাতেৰে ভাঙি সম্প্ৰতি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গঞা ৰাইজে । নৈখনত তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত খহনীয়াই কালৰূপ ধাৰণ কৰিছে ।

যদি শীঘ্ৰেই জলসম্পদ বিভাগটোৱে নৈখনত গৰাখনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মিছামাৰী-ঠেলামৰা সংযোগী অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথচোৱাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব । ইফালে, নৈখনৰ খহনীয়াত থেকেৰাজুলি প্ৰাথমিক বিদ্যালয় আৰু ৰাধাকৃষ্ণ নামৰ ধৰ্মীয় অনুষ্ঠানটিৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আনিছে । মিছামাৰীৰ বঙাইগাঁৱত গৰাখনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে আজি পৰ্যন্ত কোনো স্থায়ী সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।

লগতে পঢ়ক : Flood in Assam : বান সাহায্যৰ নামত অসমক বাৰম্বাৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.