ETV Bharat / state

Woman raped in Tezpur : জঘন্য! বিবাহিত মহিলাক অপহৰণ কৰি ধৰ্ষণ, গোমাংস খুৱাই ধৰ্ম পৰিৱৰ্তনৰ চেষ্টা

author img

By

Published : Aug 7, 2023, 7:27 PM IST

শোণিতপুৰ জিলাত পাশৱিক ঘটনা। প্ৰায় 6 দিন ধৰি এগৰাকী এগৰাকী বোৱাৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ লগতে গো মাংস খুওৱাৰ প্ৰচেষ্টা কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

Married woman abducted and raped
বিবাহিত মহিলাক অপহৰণ কৰি ধৰ্ষণ

তেজপুৰ, ৭ আগষ্ট : লাভ-জেহাদকলৈ ৰাজ্যত সৰ্বতে চৰ্চিত হৈ থকা সময়তে শোণিতপুৰ জিলাত পোহৰলৈ আহিছে এক নাৰকীয় ঘটনা । প্ৰায় 6 দিন ধৰি এগৰাকী বোৱাৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পিচতে লম্পটটোৱে মহিলাগৰাকীক ব্লেকমেইল কৰাৰ পিচতে মহিলাগৰাকীয়ে উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী পেছাত এজন টেম্প' চালক , সেই সূত্ৰে চিনাকী মেকানিক জনৈক ৰফিকুলৰ সঘন অহাযোৱা চলিছিল ভুক্তভোগী মহিলাগৰাকীৰ ঘৰলৈ ৷ স্বামী নথকাৰ সুযোগ লৈ এদিন ৰফিকুলে মহিলাগৰাকীয়ে ঘৰত গা-ধোৱাৰ দৃশ্য গোপনে মোবাইলত বন্দী কৰি মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল ৷ তাৰ পিচতে সেই ভিডিঅ’ ভাইৰেল কৰাৰ ধমকি দি মহিলাগৰাকীৰ পৰা ধন সৰকাইছিল মেকানিক ৰফিকুলে ৷ এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পিচতে যোৱা ৩ জুলাইত মহিলাগৰাকীক অপহৰণ কৰে ৰফিকুলে ৷

ৰফিকুলে নিৰ্জন ঠাইত ৰাখি ধৰ্ষণ কৰাৰ লগতে মাৰপিটো কৰিছিল ৷ ইয়াৰ মাজতে চেগ বুজি পলায়ন কৰিছিল মহিলাগৰাকীয়ে ৷ কিন্তু ৰফিকুলে মহিলাগৰাকীক আদবাটতে পাই কৌশলেৰে তাৰ ঘৰলৈ নি ৰাখিব বিচাৰিছিল ৷ ৰফিকুলৰ ঘৰত মহিলাগৰাকীক জোৰ জুলুমকৈ গো-মাংস খুৱাবলৈ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷

ইয়াৰ মাজতে সুযোগ বুজি মহিলাগৰাকীয়ে স্বামীক ফোনযোগে সমস্ত কথা জনায় আৰু পৰৱৰ্তী সময়ত স্বামীৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ৷

এই ঘটনাৰ পিচতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰথমে এজাহাৰ ল'বলৈ অমান্তি হয় ৷ মহিলাগৰাকীয়ে সমাজলৈ ভয় কৰি বাট চাওঁতে এমাহ ওকলে যদিও মহিলাগৰাকীয়ে শেহতীয়াকৈ পুনৰ আৰক্ষীৰ কাষ চাপে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰণ দি মহিলাগৰাকীয়ে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ৷

আনহাতে পত্নীৰ ওপৰত এনে দুষ্কাৰ্য সংঘটিত হোৱাত মানসিকভাৱে ভাগি পৰিছে স্বামী ৷ স্বামীয়ে জনোৱা অনুসৰি, পত্নীক অপহৰণ কৰি নি ৰফিকুলে ধৰ্ষণ কৰাৰ লগতে গণ ধৰ্ষণৰ ঘটনাও সংঘটিত কৰিছিল ৷ ৰফিকুলে মহিলাগৰাকী গো-মাংস ভক্ষণ কৰিবলৈও জোৰ জবৰদস্তি কৰিছিল ৷

সম্প্ৰতি এটা মাহৰ পিচত ধৰ্ষিতা মহিলাগৰাকীয়ে মুখ খোলাৰ লগতে গোচৰ তৰিছে শোণিতপুৰ আৰক্ষীৰ ওচৰত ৷ যোৱা 4 আগষ্টত ঠেলামৰা আৰক্ষী থানাত Case no 99/2023 U/S 366/376/294/323/506 lPC. ত এই বিষয়ে গোচৰ ৰুজু হোৱা বুলি জানিব দিছে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে । ইতিমধ্যে ঘটনাৰ বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ৰফিকুলক বিচাৰি অনুসন্ধান চলাইছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Son assault Mother: লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কুলাংগাৰ পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.