ETV Bharat / state

Load shedding issue in Assam : এনে গৰম আগতে হোৱা নাছিল, ৰজাৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰজাৰ বিদ্ৰোহ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:55 PM IST

Load shedding issue in Assam
উৎকট গৰমত হাহাকাৰ পৰিৱেশ

উৎকট গৰমত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে লোড শ্বেডিং ৷ সৰ্বত্ৰে প্ৰতিবাদৰ ঢৌ ৷

তেজপুৰ, 4 ছেপ্টেম্বৰ : উৎকট গৰমে দহিছে ৰাজ্য ৷ আজিৰ দিটোত গৰমে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে ৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে লোড শ্বেডিং ৷ সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

সোমবাৰৰ দিনটোত অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমৰ তিনিখন জিলাৰ উষ্ণতা সৰ্বাধিক ৷ শিলচৰ জিলাত সোমবাৰে সৰ্বাধিক উষ্ণতা 39.4 ছেলচিয়াছ আৰু গুৱাহাটীৰ সৰ্বাধিক উষ্ণতা 38.02 ডিগ্ৰী আৰু তেজপুৰৰ উষ্ণতা 37.09 ডিগ্ৰী ছেলচিয়াছ ৷ যি পূৰ্বৰ অভিলেখ ভংগ কৰিলে ৷

বিগত বৰ্ষত শিলচৰত সৰ্বাধিক তাপমাত্ৰা আছিল 39.02 ডিগ্ৰী, গুৱাহাটীত আছিল 37.09 ডিগ্ৰী ছেলচিয়াছ ৷ সোমবাৰে তেজপুৰ চহৰৰ দৰে প্ৰাকৃতিক পৰিৱেশৰ ঠাইত অতিপাত উষ্ণতাৰ লগে লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এইবাৰ এক লক্ষ গছ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

কিন্ত চৰকাৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে কলীয়া ভোমোৰা দলঙৰ সমীপৰ পৰা তেজপুৰৰ পৰুৱা লৈকে থকা প্ৰকাণ্ড গছ সমূহ কাটি পেলোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পথচাৰীৰ মাজত ৷ আনহাতে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিয়ে অস্বস্তিত পেলাইছে ৰাজ্যৰ জনসাধাৰণক ৷ সোমবাৰে ৰাজ্যৰ চৌদিশে সাব্যস্ত হ’ল বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ ভাষাও আছিল অনন্য ৷

কিন্ত ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই যে এই প্ৰতিবাদৰ ভাষা বুজি পাব তাত সন্দেহৰ থল আছে ৷ ইফালে জানিব পৰা মতে ৰাজ্য চৰকাৰে মঙলবাৰে এহেজাৰ কোটি টকাৰ ঋণ লব ৷ কিন্ত সেই টকাৰে কি কৰিব সেয়া কোনেও নাজানে ৷ এ চি গাড়ী আৰু এ চি কোঠাত সময় কটোৱা ৰাজ্যৰ সন্মানীয় মন্ত্ৰী-বিধায়কসকলে এতিয়া কি কয় তাৰ অপেক্ষাত সৰ্বসাধাৰণ ৷

লগতে পঢ়ক : Heated situation in Silsako: উচ্ছেদিত লোকৰ প্ৰতিবাদক লৈ শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; শিখা সমদলত বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.