Heated situation in Silsako: উচ্ছেদিত লোকৰ প্ৰতিবাদক লৈ শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; শিখা সমদলত বাধা আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 9:54 PM IST

thumbnail

গুৱাহাটী,৪ ছেপ্টেম্বৰ: শিলসাঁকোত সোমবাৰে সন্ধিয়া শিখা সমদলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শিলসাঁকোৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন কৰাৰ দাবীত শিলসাঁকোৰ উচ্ছেদিত লোকসকলে কৰা প্ৰতিবাদক আৰক্ষীয়ে বাধা দিয়াক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত খণ্ড যুদ্ধৰ সূত্ৰপাত হয় ।

শিলসাঁকোৰ উচ্ছেদ ৰাইজে সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত লিচাঙৰ পৰা এক প্ৰতিবাদী শিখা সমদল উলিয়ায় । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক চাৰিওপিনৰ পৰা ঘেৰি ধৰি বাধা প্ৰদান কৰে । ইয়াৰ পিছতো প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে । যাৰবাবে প্ৰতিবাদস্থলীত মোতায়ন কৰা পুৰুষ আৰক্ষী জোৱানে কেইবাগৰাকী মহিলা গাত হাত দিয়াৰ লগতে একাংশ প্ৰতিবাদকাৰীক ঠেলি-হেঁচি সেই স্থানৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰে ।

এনে পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে । উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত নিজৰ স্থান এৰি নিদিয়াৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Silsako Beel eviction: মাধৱদেৱ তিথিৰ দিনাও চলিল শিলসাঁকোত আংশিক উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.