ETV Bharat / state

Silsako Beel eviction: মাধৱদেৱ তিথিৰ দিনাও চলিল শিলসাঁকোত আংশিক উচ্ছেদ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:14 PM IST

মাধৱদেৱ তিথিৰ দিনাও শিলসাঁকোত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ উপ-আৰক্ষী অধীক্ষক আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা বিষয়াৰ ঘৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ইফালে উচ্ছেদত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু ৰাৱণ আখ্যা মীৰা বৰঠাকুৰৰ ৷

Silsako Beel eviction
মাধৱদেৱ তিথিৰ দিনাও চলিল শিলসাঁকোত আংশিক উচ্ছেদ অভিযান

মাধৱদেৱ তিথিৰ দিনাও চলিল শিলসাঁকোত আংশিক উচ্ছেদ অভিযান

গুৱাহাটী,৪ ছেপ্টেম্বৰ: চতুৰ্থ দিনাও শিলসাঁকোত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান । সোমবাৰে পুৱাৰে পৰা শিলসাঁকোৰ পাথৰকোঁৱেৰীৰ মেগজিনৰ শংকৰ নগৰত প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়ন কৰি উচ্ছেদ চলায় । ইয়াৰ মাজতে দেওবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা এজন লোকক আৰক্ষীয়ে আটক কৰে ।

উল্লেখ্য যে, জনতাৰ প্ৰতিবাদক নস্যাৎ কৰি শিলসাঁকো বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে বিগত তিনিটা দিনত কেইবাটাও আৰ চি চি গৃহ, অট্টালিকা, অসম আৰ্হিৰ ঘৰকে ধৰি প্ৰায় ডেৰ শতাধিক ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ আজি প্ৰশাসনে শংকৰ নগৰস্থিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নিতাই ছান সিং আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা বিষয়া দামোদৰ সিনহাৰ আৰ চি চি বিল্ডিং বুলড'জাৰেৰে সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷

ইফালে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰে আজি শংকৰ নগৰত উপস্থিত হৈ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰে আৰু উচ্ছেদিত লোকৰ মনৰ বুজ লয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু ৰাৱণ আখ্যা দি প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়, নিৰ্বাচনৰ পূৰ্বে চৰকাৰে সকলো খিলঞ্জীয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল । জাতি-মাটি-ভেঁটিৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়া খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰি বহিৰাগত বণিক গোষ্ঠী আৰু প্ৰভাৱশালী নেতাৰ হাতত গতাই দিয়াৰ চক্ৰান্ত কৰি আছে ।

বসুন্ধৰাৰ আঁৰতো বৃহৎ ষড়যন্ত্ৰ থকাৰ অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ যিহেতু পাহাৰৰ দাগ নম্বৰ নাথাকে, গতিকে চৰকাৰে এই উচ্ছেদৰ পাচত বসুন্ধৰাত এই অঞ্চলসমূহ "ন’ মেনছ লেণ্ড" দেখুৱাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, নিৰীহ লোকৰ ঘৰ ভঙা এই বুলড’জাৰৰ ছাট এদিন এই চৰকাৰী হিটলাৰৰ ওপৰত পৰিব আৰু সেইদিনা তেওঁলোকে কৰা এই মানুহৰ অন্তৰত দিয়া আঘাতৰ কথা উপলব্ধি কৰিব ৷

লগতে পঢ়ক: Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.