ETV Bharat / state

Journalist union send memorandum: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মফচলীয় সাংবাদিকৰ

author img

By

Published : May 17, 2023, 12:45 AM IST

সাংবাদিকসকলৰ ভিন্ন দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ (Journalist union send memorandum to CM) । ৰাজ্যৰ স্বীকৃতি প্ৰাপ্ত মফচলীয় সাংবাদিকসকলক শ্ৰম আয়োগৰ অধীনত আনিবলৈ দাবী জনাই তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰখন ।

Journalist union send memorandum to CM
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মফচলীয় সাংবাদিকৰ

তেজপুৰ,১৬ মে': আজিও অৱহেলিত হৈ ৰৈছে অসমৰ মফচলীয় সাংবাদিকসকল । ৰাজ্যৰ এই স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক ৰাজ্য চৰকাৰে শ্ৰম আয়োগৰ অধীনত আনিবলৈ কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰা দেখা নগ'ল (Journalist union send memorandum to CM) । মঙলবাৰে ৰাজ্যৰ এই মফচলীয় সাংবাদিকসকলৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তিনিটা বিশেষ দাবী জনাই শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ৷

বহু সময়ত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি সংবাদ সেৱা আগবঢ়াই অহা সাংবাদিকসকলক কেতবোৰ সুবিধা প্ৰদানৰ আহ্বানেৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ (MLA Prithviraj Rabha) জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ (Journalist union send memorandum) ৷

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সম্পাদক মনোজ কুমাৰ শইকীয়াৰ স্বাক্ষৰিত পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক তিনিদফীয়া প্ৰস্তাৱ আগবঢ়োৱা হয় (Memorandum to Himanta Biswa Sarmah) ৷

লগতে পঢ়ক: Political Appointment in ASTC : পৰিবহণ নিগমৰ ৰাজনৈতিক নিযুক্তিৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যৰ নগৰ, চহৰ, গ্ৰাম্যাঞ্চলৰ স্বীকৃতিপ্ৰাপ্ত মফচলীয়া সাংবাদিক আৰু তেওঁলোকৰ আত্মীয়ৰ চিকিৎসা বীমা আৰু চিকিৎসা সাহায্য চৰকাৰী কৰ্মচাৰীৰ দৰেই আগবঢ়োৱাৰ দাবী উত্থাপন কৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ৷ আনহাতে, কৰ্তব্যৰত অৱস্থাত সাংবাদিকসকলৰ মৃত্যু হ'লে পৰিয়াললৈ ২৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে স্মাৰক পত্ৰখনত (Journalist union send memorandum) ৷

ইয়াৰ উপৰিও সাংবাদিকসকল নিয়োজিত হৈ থকা নিৰ্দিষ্ট প্ৰতিষ্ঠানটোক শ্ৰম আয়োগৰ অধীনত ন্যূনতম দৰমহা প্ৰদানৰ বাবে বাধ্য কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক প্ৰস্তাৱ আগবঢ়াই শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে (Sonitpur Journalist Union) । উল্লেখযোগ্য যে, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এক ঘোষণা কৰিছিল, কিন্তু সেয়া একমাত্ৰ প্ৰতিলিপি হৈহে থাকিল । সেয়ে সাংবাদিকসকলৰ এইসমূহ দাবী শীঘ্ৰে পূৰণৰ আহ্বান জনাই শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ।

লগতে পঢ়ক: SI Junmoni Rabha death case: জোনমণি ৰাভাৰ ঘটনাক CID ক তদন্ত কৰাৰ নিৰ্দেশ জি পি সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.