ETV Bharat / state

মৰাণত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা শিৱ খেড়াৰ ভাষণ শুনিবলৈ সহস্ৰাধিকৰ ভিৰ - Motivational speaker Shiv Khera

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 7:34 PM IST

Motivational speaker Shiv Khera: মৰাণ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠান বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ শিৱ খেড়াৰ । খেড়াৰ প্ৰেৰণাদায়ক ভাষণ শুনিবলৈ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভিৰ । শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় বিশিষ্ট লেখকগৰাকীৰ ।

Motivational speaker Shiv Khera
মৰাণত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা শিৱ খেড়া (ETV Bharat)

মৰাণ,২৫ মে': মৰাণ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱী ন্যাস 'গ্ৰ'থ ফ্ৰম গ্ৰাছৰুটছ'(Growth from Grassroots)ৰ উদ্যোগত অনুষ্ঠিত হৈছে 'সাহস আৰু প্ৰত্যয় ভৰা এদিন-২০২৪' শীৰ্ষক কাৰ্যসূচীৰ । শনিবাৰে এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট লেখক, চিন্তাবিদ তথা প্ৰেৰণাদায়ক বক্তা(Motivational Speaker) শিৱ খেড়া । প্ৰেৰণাদায়ক বক্তা শিৱ খেড়াৰ বক্তব্য শুনিবলৈ অনুষ্ঠানত সহস্ৰাধিক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে ।

মৰাণত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা শিৱ খেড়া (ETV Bharat)

প্ৰেৰণাদায়ক বক্তব্যৰ বাবে দেশজুৰি জনাজাত শিৱ খেড়াই উপস্থিত শিক্ষাৰ্থী আৰু লোকসকলক উদ্দেশ্যি প্ৰায় ২ ঘণ্টা ধৰি বক্তব্য আগবঢ়ায় । শিক্ষাৰ্থীসকলক নিজৰ জীৱন সঠিকভাৱে আগুৱাই লৈ যোৱাৰ বাবে নিজৰ দৃঢ় বিশ্বাস বৃদ্ধি কৰিব লাগিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ লগতে কয় যে কেৱল দেশৰ আন্তঃগাথঁনি উন্নত কৰি উন্নয়নৰ কথা কৈ থাকিলে নহ'ব প্ৰতিজন লোকৰ চৰিত্ৰ উন্নয়নত গুৰুত্ব দিব লাগিব ।

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজৰ আত্মবোধ আৰু নৈতিকতা উন্নত কৰিবলৈ তেওঁ আহ্বান জনায় । আনহাতে হাজাৰ হাজাৰ শিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত শিৱ খেড়া । উদযাপন সমিতিক ধন্যবাদো জ্ঞাপন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট লেখকগৰাকীয়ে । ইফালে বিশেষ অনুষ্ঠানটোত মন্ত্ৰী যোগেন মহনেও অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে শিৱ খেড়াৰ প্ৰশংসা কৰি কয় যে বিশিষ্ট বক্তাগৰাকীৰ ভাষণে শিক্ষাৰ্থীসকলক যথেষ্ট পৰিমাণে সহায় কৰিব ।়

অনুষ্ঠানটোত মন্ত্ৰী বিমল বড়া, মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীও উপস্থিত থাকে ।

লগতে পঢ়ক :গৰমৰ বাবে ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.