ETV Bharat / state

Political Appointment in ASTC : পৰিবহণ নিগমৰ ৰাজনৈতিক নিযুক্তিৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

author img

By

Published : May 16, 2023, 9:05 PM IST

পৰিবহণ নিগমত অভিযন্তাৰ পৰা নিম্নবৰ্গৰ সহায়কলৈ ২০১১ চনৰ পৰা ২০২১ চনলৈ ৰাজনৈতিকভাৱে নিযুক্তি লাভ কৰা ৭৭১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ ভৱিষ্যৎ হৈ পৰিছে অনিশ্চিত (appointment scam in ASTC) । ২০১১ চনৰ পৰা পৰ্যায়ক্ৰমে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোনো বিজ্ঞাপন প্রকাশ কৰা হোৱা নাছিল । একাংশ মন্ত্রী, বিধায়ক, সাংসদে একোখন কাগজত লিখি দিয়া পত্ৰৰ ভিত্তিত কৰ্মচাৰীসকলক পৰিবহণ নিগমত নিযুক্তি দিয়া হৈছিল ।

Political Appointment in ASTC
Political Appointment in ASTC

গুৱাহাটী, ১৬ মে’ : নিযুক্তিৰ ক্ষেত্রত বিভিন্ন সময়ত ৰাজনৈতিক হস্তক্ষেপ থকাৰ অভিযোগ নতুন নহয় । প্ৰায়ে নিযুক্তিৰ ক্ষেত্রত ৰাজনৈতিক হস্তক্ষেপ হোৱা দেখা যায় । এনে ৰাজনৈতিক নিযুক্তিৰ ক্ষেত্রত এইবাৰ চকু পৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (CM Himanta Biswa Sarma on ASTC appointment) । বিশেষকৈ অসম ৰাজ্যিক পৰিবহণ নিগমত হোৱা ৰাজনৈতিক নিযুক্তিৰ ক্ষেত্রত তদন্তৰ নিৰ্দেশ দিয়া হৈছে (Assam State Transport Corporation) । যাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক পৰিবহণ নিগমত ধুমুহাৰ সৃষ্টি হৈছে ।

অসম ৰাজ্যিক পৰিবহণ নিগমত ৰাজনৈতিকভাৱে নিযুক্তি লাভ কৰা বিষয়া-কৰ্মচাৰীসকলকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যিকোনো মুহূর্তত নিগমৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীৰ চাকৰি নোহোৱা হ'ব পাৰে (ASTC employees may lose jobs) । এইখিনিতে প্ৰশ্ন হয় যে, কিয় অসম ৰাজ্যিক পৰিবহণ নিগমক লক্ষ্য কৰি ল'লে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । পৰিবহণ বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰা তদন্তৰ অন্তত পৰিবহণ বিভাগে ৰাজনৈতিকভাৱে নিযুক্তিলাভ কৰা ৭৭১ গৰাকী কৰ্মচাৰীক চিনাক্ত কৰিছে (political appointment in ASTC) ।

যাৰ ফলত অভিযন্তাৰ পৰা নিম্নবৰ্গৰ সহায়কলৈ ২০১১ চনৰ পৰা ২০২১ চনলৈ ৰাজনৈতিকভাৱে নিযুক্তিলাভ কৰা ৭৭১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে (Himanta Biswa Sarma strict in ASTC appointment) ।

সূত্রটোৱে জনোৱা মতে, ২০১১ চনৰ পৰা ক্রমাগতভাৱে নিযুক্তি লাভ কৰা এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোনো বিজ্ঞাপন প্রকাশ কৰা হোৱা নাছিল । অর্থাৎ সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্রকাশ নকৰাকৈ বা প্ৰাৰ্থীৰ পৰা আবেদন-পত্র আহ্বান নকৰাকৈ সময়ে সময়ে দিয়া হৈছিল নিযুক্তি । একাংশ মন্ত্রী, বিধায়ক, সাংসদে একোখন কাগজত লিখি দিয়া পত্ৰৰ ভিত্তিত কৰ্মচাৰীসকলক পৰিবহণ নিগমে নিযুক্তি দিছিল । সকলো নিযুক্তি একেলগে দিয়া হোৱা নাছিল ।

এজন-দুজনকৈ অহা আবেদনৰ ভিত্তিত নিযুক্তি দিয়া হৈছিল । এনেদৰে নিযুক্তি বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ কুইন ওজা, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, প্রাক্তন মন্ত্রী তথা সাংসদ তপন কুমাৰ গগৈকে ধৰি বহুসংখ্যক মন্ত্রী, সাংসদ আৰু বিধায়কৰ যোগেদি হৈছিল । এইসকল মন্ত্ৰী-বিধায়কৰ পত্ৰৰ ভিত্তিত দিয়া হৈছিল নিযুক্তি । আনকি বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ লিখি দিয়া একোখন পত্ৰৰ ভিত্তিতো পৰিবহণ নিগমত ঠিকাভিত্তিক নিযুক্তি হৈছিল ।

এই নিযুক্তিৰ ভিতৰত আছিল অনুকম্পামূলক নিযুক্তিও । ৰাজ্য চৰকাৰে অনুকম্পামূলক নিযুক্তি বন্ধ কৰিছিল যদিও ৰাজ্যিক পৰিবহণ নিগমত সেয়াও সম্ভৱ হৈছিল । লক্ষণীয় বিষয় যে, মন্ত্ৰী-বিধায়কে দিয়া নামৰ ভিত্তিতে নিগমত নিযুক্তি হৈছিল । ঠিকাভিত্তিক নিযুক্তি হোৱা বাবে যিকোনো সময়তে তেনেধৰণৰ আবেদন আহিছিল আৰু সেই অনুসৰি নিগমৰ পৰিচালন সঞ্চালকে নিযুক্তি দিছিল । জানিব পৰা মতে, প্রাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৰা অহা তেনে পত্ৰ আছিল সর্বাধিক ।

সর্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো মাজুলীৰ ২৪ গৰাকী প্ৰাৰ্থীক তেনেধৰণে ৰাজনৈতিক নিযুক্তি দি পৰিবহণ নিগমত সংস্থাপন দিয়া হৈছিল । উক্ত মন্ত্ৰী-বিধায়কসকলৰ উপৰি আৰু বহু ৰাজনৈতিক নেতাই এনেধৰণে পৰিবহণ নিগমক একপ্ৰকাৰে ব্যৱহাৰ কৰিছিল । কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছী নেতাই যেনেধৰণে নিগমক ব্যৱহাৰ কৰিছিল, ঠিক সেইদৰে ২০১৬ চনৰ পাছত বিজেপি চৰকাৰৰ সময়ত বিজেপি নেতাই একেদৰে ব্যৱহাৰ কৰিছিল । কিন্তু এইক্ষেত্রত এতিয়া কঠোৰ হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহণ বিভাগে সমগ্ৰ বিষয়টোৰ তদন্ত কৰিছে ।

লগতে পঢ়ক :Assam Police VRS : অসম আৰক্ষীৰ সকলোৱে দিব লাগিব শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, অনুত্তীৰ্ণক দিব স্বেচ্ছামূলক অৱসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.