ETV Bharat / state

ETV Bharat Exclusive: চীনা সৈন্যৰ দ্বাৰা অপহৃত মিৰাম টেৰণৰ Exclusive সাক্ষাৎকাৰ...

author img

By

Published : Jan 31, 2022, 6:47 PM IST

ETV Bharat Exclusive
চীনা সৈন্যৰ হাতত অপহৃত হোৱা মিৰাম টেৰণৰ Exclusive সাক্ষাৎকাৰ

১৮ জানুৱাৰীত চীনা সৈন্যৰ দ্বাৰা অপহৃত হোৱা অৰুণাচল প্ৰদেশৰ যুৱক মিৰাম টেৰণ সোমবাৰে গৃহাভিমুখী হয় ৷ সম্পূৰ্ণ 18 টা দিনৰ পিছত পিতৃ-মাতৃৰ কাষলৈ অহা মিৰামৰ প্ৰথমটো টেলিফোনিক সাক্ষাৎকাৰ (Interview of Miram Teron) ইটিভি ভাৰতত...

তেজপুৰ, ৩১ জানুৱাৰী: ‘‘মোক প্ৰথম দিনা চীনা সৈন্যই ধৰি লৈ যোৱাৰ পিছত মাৰধৰ কৰিছিল, অত্যাচাৰ কৰিছিল ৷ তাৰ পিছত মোক এটা কেম্পত বন্দী কৰি ৰাখিছিল ৷’’ এইদৰে বৰ্ণনা কৰিলে চীনা সৈন্যৰ দ্বাৰা অপহৃত হোৱা মিৰাম টেৰণে ৷

চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ সুদীৰ্ঘ ১৪ দিনৰ অন্তত ঘৰমুৱা হ’ল অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ মিৰাম টেৰণ । সোমবাৰে বিয়লি 3 বজাত মিৰামক ভাৰতীয় সেনাই উজনি চিয়াং জিলাৰ টুটিং ৰাজহ চক্ৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে পৰিয়ালক গতাই দিয়ে ।

টুটিঙত উপস্থিত হৈ পিতৃ-মাতৃক লগ পোৱাৰ পাছতে ইটিভি ভাৰতৰ লগত হোৱা প্ৰথমটো টেলিফোনিক সাক্ষাৎকাৰ(Interview of Miram Teron)ত মিৰামে কয় যে, চীনা সৈন্যই চকু-মুখ বান্ধি টি 3 পইণ্টৰ পৰা জানুৱাৰী ১৮ তাৰিখে ধৰি লৈ গৈছিল মিৰাম টেৰণক । বন্ধুৰ লগত চিকাৰ কৰিবলৈ গৈ মিৰাম ভাৰত-চীন সীমান্তৰ LAC ৰ ওচৰ পোৱাত তাৎক্ষণিকভাৱে চীনা সৈন্যই চাৰিওফালৰ পৰা আগুৰি ধৰে ৷ সেই সময়ত একো তৎ ধৰিব নোৱাৰি মিৰাম থমকি ৰয় আৰু লগৰজন সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল ।

চীনা সৈন্যৰ হাতত অপহৃত হোৱা মিৰাম টেৰণৰ Exclusive সাক্ষাৎকাৰ

মিৰাম টেৰণে ইটিভি ভাৰতক কয়, ‘‘মোক চকু বান্ধি লৈ যায় আৰু এটা কেম্পৰ ভিতৰতে ৰাখে, ভৰিৰে কিক্ মাৰে । তাৰ পিছত গাড়ীত উঠাই বহু দূৰলৈ লৈ যায় । তিনিদিন মোৰ চকু বন্ধ হোৱা নাছিল কিজানি মোক মাৰি পেলায় ।’’ চীনা সৈন্যৰ বহু প্ৰশ্নৰ সন্মুখীন হোৱা মিৰামে সিহতৰ ভাষা একো বুজিব নোৱাৰি হিন্দী অথবা আদি ভাষাত প্ৰশ্ন কৰাৰ বাবে অনুৰোধ জনাইছিল । চীনা সৈন্যই লৈ যোৱাৰ দ্বিতীয় দিনৰ পৰা মিৰামক সম্পূৰ্ণ খাদ্যবস্তুৰ যোগান ধৰিছিল ৷ দিনত চাৰিবাৰকৈ খাবলৈ দিছিল যদিও মিৰামে একমাত্ৰ নিজৰ ঘৰখন আৰু মাক দেউতাকৰ কথাহে ভাবিছিল ।

মিৰামে লগতে কয় যে, ‘‘মোৰ লগৰীয়াজন পলাই নহা হ’লে ভাৰতীয় সেনা আৰু মোৰ ঘৰৰ মানুহে গমেই নাপালেহেতেন ।’’ ইয়াৰ বাবে মিৰাম টেৰণে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে । সম্পূৰ্ণ ১০ দিনৰ অন্তত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ অপহৃত মিৰাম টেৰণক (Arunachal boy Kidnappded by Chinese PLA) চীনা সৈন্যই ভাৰতীয় সেনালৈ হস্তান্তৰ কৰিছিল যোৱা ২৭ জানুৱাৰীত ৷ পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ কিবেটুৰ সমীপত wacha-Damai নামৰ লাইন অব্ একচুৱেল কনট্ৰ’লৰ ভাৰত -চীন সংগমস্থলীত চীনা সেনাই ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে । অৱশ্যে চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত গতাই দিয়াৰ পিছত ভাৰতীয় সেনাই স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ পি পি ই কিট পৰিধান কৰাই মিৰামক চীনা সৈন্যই সীমান্তৰ সংযোগী পথেদি লৈ অনাৰ দৃশ্যও ৰাজহুৱা কৰিছিল ভাৰতীয় সেনাই ।

লগতে পঢ়ক: RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ বাবে শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.