ETV Bharat / state

Drugs Peddler admited in TMCH : গুলীবিদ্ধ ড্ৰাগছ সৰবাহকাৰী ফকিৰ আলী চিকিৎসাধীন

author img

By

Published : Dec 18, 2021, 11:08 AM IST

a drug peddler is undergoing treatment at tezpur medical college
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন এটা ড্ৰাগছ সৰবৰাহকাৰী

বিশ্বনাথত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত এটা ড্ৰাগছ সৰবৰাহকাৰী (police shot a drugs peddler) ৷ বৰ্তমানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ড্ৰাগছ সৰবৰাহকাৰীটো (Drugs Peddler admited in TMCH) ৷

ৰঙাপৰা, 18 ডিচেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ পোৱাৰ পিছতেই ৰাজ্যত আৰম্ভ কৰিলে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে প্ৰশাসনে ৷ ইমানৰ পিছতো কিন্তু গা লৰা নাই এচাম ড্ৰাগছ ব্যৱসায়ীৰ ৷

শুকুৰবাৰে নিশা বিশ্বনাথৰ আন এঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ প্ৰচেষ্টাৰে বাছলৈ অপেক্ষা কৰি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰে এটা সৰবৰাহকাৰীক ৷ ফকিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো দৰং জিলাৰ দলগাঁৱৰ বাসিন্দা ৷

a drug peddler is undergoing treatment at tezpur medical college
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন এটা ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখ্য যে, ধৃত ফকিৰ বেছিমাৰীৰ ইনামূল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ সৈতে দীৰ্ঘদিনে জড়িত থকাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে ৷ শুকুৰবাৰে ফকিৰ আলী বিশ্বনাথ চাৰিআলিৰ বাছ আস্থানত ৰৈ থকাৰ খবৰ পোৱা মাত্ৰকে বাছ আস্থানত উপস্থিত হৈছিল আৰক্ষীৰ এটা দল ৷

চকুৰ সমুখতে আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰা ফকিৰ আলীক গুলীয়াবলৈ বাধ্য হয় আৰক্ষী (police shot a drug peddler) ৷ আৰক্ষীৰ গুলীত বাওঁভৰিত আঘাতপ্ৰাপ্ত হোৱা ফকিৰক শনিবাৰে পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Drugs Peddler admited in TMCH) ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান চিকিৎসা অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ ৷

লগতে পঢ়ক : Drug peddler arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.