ETV Bharat / state

বৰচলা সমষ্টিৰ বান বিধ্বস্ত অঞ্চলত পথৰ দুৰৱস্থা

author img

By

Published : Aug 25, 2022, 2:20 PM IST

বৰচলা সমষ্টিৰ বাঁহবাৰীৰ বান বিধ্বস্ত অঞ্চলত পথৰ বিপজ্জনক অৱস্থা (dangerous road condition in Barsala constituency) । কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ শংকিত অভিভাৱক । এডাল সাঁকোৰ ওপৰৰে পাৰ হয় দৈনিক ছাত্ৰ-ছাত্ৰী তথা ৰাইজ ।

Tezpur
Tezpur

তেজপুৰ, ২৫ আগষ্ট : এইবাৰ বিধ্বংসী বানৰ কবলত শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈ পৰে (Communication devastated in Sonitpur for flood)। কিন্তু বানৰ পৰৱৰ্তী পৰ্যায়ত বৰ্তমানেও বিধ্বস্ত ৰূপত আছে এনেবোৰ অঞ্চলৰ বাট-পথ ৷ জিলাখনৰ বানবিধ্বস্ত অঞ্চল হিচাপে চিহ্নিত তেজপুৰৰ (Tezpur flood condition) নিকটৱৰ্তী তথা চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীতো বানে এইবাৰ বিস্তৰ ক্ষতি কৰে ৷

বৰচলা বিধানসভা সমষ্টি তথা বিহগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত এই অঞ্চলত বৰ্তমান এক গুৰুত্বপূৰ্ণ তথা বানবিধ্বস্ত এটা পথে সৰ্বসাধাৰণক যথেষ্ট বিপদত পেলাইছে (dangerous road condition in Barsala constituency) ৷ ছাত্ৰ-ছাত্ৰীৰ লগতে জনসাধাৰণে এই পথৰে বৰ্তমান অতি বিপজ্জনকভাৱে যাতায়াত কৰিবলগীয়া হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । কিন্তু তথাপিতো উক্ত পথটোৰ মেৰামতিৰ বাবে বৰ্তমানেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

উল্লেখযোগ্য যেঅঞ্চলটোৰ ডেকাচুবুৰী আৰু বিন্দুকুৰি সংযোগী পথটোৰ চাৰিটা অংশ এইবাৰ বানে ছিগি নিয়ে (road connecting snatched away by flood) ৷ ঘগৰা নৈৰ বানে প্ৰলয়ৰ সৃষ্টি কৰা এই অঞ্চলটোত উক্ত গুৰুত্বপূৰ্ণ পথটোৰ ছিগি নিয়া চাৰিটা অংশত বৰ্তমান সাঁকোৰ ব্যৱস্থা কৰি স্থানীয় ৰাইজে কোনোমতে যাতায়াত কৰি আছে । কিন্তু এই বিপদ সংকুল যাতায়াতৰ বাবে ৰাইজে উক্ত স্থানত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে অঞ্চলটোৰ বাঁহবাৰী ডেকাচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল এই সাঁকোৰে বিপজ্জনকভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে (Primary School students travel dangerously) ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে দৈনিক এই পথৰে শতাধিক লোকে যাতায়াত কৰে ৷ শিক্ষাৰ লগতে ব্যৱসায়-বাণিজ্য তথা কৃষিকৰ্ম আৰু একাংশ চাকৰিয়াল লোকে এই পথেৰে অহা-যোৱা কৰে যদিও এই বিধ্বস্ত পথটোৰে কোনোমতে খোজকাঢ়ি পাৰ হোৱাৰ বাহিৰে অন্য বিকল্প নাই ৷

লগতে ৰাইজৰ অভিযোগ, উক্ত পথটোৰ দুৰৱস্থাৰ বাবেই বৰ্তমান অঞ্চলটোত এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰাত ৰাইজ অধিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, এই পথটো ছিগাৰ পাছতে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাত অঞ্চলটোৰ এজন অসুস্থ কিশোৰক উপযুক্ত সময়ত চাকিৎসালয়লৈ নিব নোৱাৰাৰ বাবে কিশোৰটোৰ অকালতে মৃত্যু ঘটে (Ambulance service stopped due to road condition) ৷

উল্লেখ্য যে পথটোৰ চাৰিটাকৈ স্থানত প্ৰায় ২০-২৫ মিটাৰ অংশ ছিগাৰ ফলত ইয়াত একোডাল পকী চিৰি পেলাই কেৱল দিনৰ সময়ছোৱাত অহা-যোৱা কৰিবলৈ ৰাইজে ব্যৱস্থা কৰি লৈছে ৷ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক এনে বিজ্জনক অংশসমূহ পাৰ কৰাবলৈ জ্যেষ্ঠসকলৰ সহায় অবিহনে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে । তেনে আশংকাত ভোগা লোকসকলে কয় যে নিশা এই অঞ্চলত কোনো লোক গুৰুতৰভাৱে অসুস্থ হ’লেও এই পথৰে চিকিৎসালয়লৈ নিব নোৱাৰি ।

তাৰ সলনি দিনৰ পোহৰ বাবে অপেক্ষা কৰিব লাগে (people demand to repair road) ৷ আনকি অঞ্চলটোৰ গৰ্ভৱতী মহিলাসকলকো নিশা যন্ত্ৰণাতে থাকিবলৈ দি দিনৰ পোহৰত কোনোমতে ডংকোলাকৈ এই ছিগা অংশৰে পাৰ কৰাবলগীয়া হয় । এই কথা প্ৰকাশ কৰি স্থানীয় লোকসকলৰ অভিযোগ,ইচ্ছা কৰা হ'লে এই পথটো চৰকাৰীভাৱে শীঘ্ৰে মেৰামতি কৰিব পৰা গ’লহেঁতেন ৷

আনহাতে, একাংশ লোকে কয় যে আনলৈ অপেক্ষা নকৰি বিহগুৰি উন্নয়ন খণ্ডয়েই বানে ছিগা পথটোৰ অংশসমূহত মাটি পেলাই ৰাইজক সকাহ দিব পাৰিলেহেঁতেন । বৰচলা বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়ত এলেকাত সংঘটিত ব্যাপক দুৰ্নীতি আৰু এইক্ষেত্ৰত ৰহস্যজন ভাবে হাত সাবটি বহি থকা বিহগুৰি উন্নয়ন খণ্ডই কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰিলে ৷

বানত হোৱা লোকচানৰ খতিয়ান ল’লেও আজিলৈকে বিধ্বস্ত পথৰ নিৰ্মাণৰ বাবে প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত লোকসকলে কয়, এই পথটোৰ ছিগা অংশ মেৰামতি কৰাৰ বাবে বিশেষ ধনৰ প্ৰয়োজন নহয় য’দিও সকলো পক্ষই এইক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজৰ বিপদ অধিক বৃদ্ধি পাইছে ৷ একাংশ লোকৰ অভিযোগ, এই পথটোত হয়তো কিবা এটা দুৰ্ঘটনা সংঘটিত হোৱালৈ বাট চাই আছে । তেতিয়াহে চৰকাৰী বিষয়াৰ গা লৰিব বুলিও তেওঁলোকে ক্ষোভেৰে কয় ।

লগতে পঢ়ক :কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ কাছাৰীৰ ঠিকনা অতীত হ'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.