ETV Bharat / state

শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

author img

By

Published : Aug 6, 2020, 12:37 PM IST

Updated : Aug 6, 2020, 12:48 PM IST

ঠেলামৰা থানাৰ অন্তৰ্গত ভৰাশিমলু আৰু গৰুডুবা অঞ্চলত বুধবাৰে দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি প্ৰশাসনে জাৰি কৰে সান্ধ্য আইন ৷ বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে সান্ধ্য আইন ৷ জানিব পৰা মতে,বুধবাৰে সংঘটিত সংঘৰ্ষত আহত হয় দুই ফৈদৰ প্ৰায় 12 গৰাকীকৈ লোক ৷
সান্ধ্য আইন
সান্ধ্য আইন

তেজপুৰ, 6 আগষ্ট: বুধবাৰে আবেলিৰ ভাগত শোণিতপুৰ জিলাৰ ঠেলামৰা থানাৰ অন্তৰ্গত ভৰাশিমলু আৰু গৰুডুবা অঞ্চলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ঘৰ বাবে সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ লগত সংগতি ৰাখি বজৰং দলে বাইক লৈ উলিওৱা শোভাযাত্ৰাৰ সময়তে, আন এটা ফৈদে উচ্চ স্বৰত ডি.জে বজোৱাক লৈ সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খালে যে,ঘটনাস্থলীত কেইবাখনো বাহন জ্বলাই দিয়াৰ লগতে হাতে হাতে লাঠি,চোকা অস্ত্ৰ লৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে উত্তপ্ত লোকে ৷ এই ঘটনাত ক্ষতিগ্ৰস্ত হয় উপায়ুক্তৰ বাহনৰ লগতে উপায়ুক্তৰ লগত থকা নিৰাপত্তাৰক্ষীৰ বাহনো ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত শোণিতপুৰ জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটোতে জাৰি কৰে সান্ধ্য আইন ৷

শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

বৰ্তমানো সান্ধ্য আইন অব্যাহত আছে অঞ্চলটোত ৷ ইয়াৰোপৰি উত্তেজনাপূৰ্ণ অঞ্চলটোত সেনাৰ ফ্লেগ মাৰ্চ কৰা হৈছিল ৷ ফ্লেগ মাৰ্চৰ অন্তত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়া অনুসৰি,বুধবাৰে সংঘটিত সেই হিংসাত্মক ঘটনাত আহত হৈছে প্ৰায় 12 গৰাকী লোক ৷ আনহাতে দুগৰাকী লোকক সোধ-পোছৰ বাবে আৰক্ষীয়ে আটক কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: শোণিতপুৰত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন

Last Updated :Aug 6, 2020, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.