ETV Bharat / state

শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন

author img

By

Published : Aug 5, 2020, 7:40 PM IST

Updated : Aug 5, 2020, 11:40 PM IST

ঘটনাস্থলীৰ পৰিৱেশ এতিয়াও উত্তেজনা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ উক্ত স্থানত বৃহৎ হাৰে আৰক্ষী মোটায়ন কৰা হৈছে ৷ ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ লগত সংগতি ৰাখি বজৰং দলে বাইক লৈ উলিওৱা শোভাযাত্ৰাৰ সময়তে এই সংঘৰ্ঘৰ সূত্ৰপাত হয় ৷

জ্বলিল কেবাখনো বাহন
জ্বলিল কেবাখনো বাহন

তেজপুৰ, 5 আগষ্টঃ বুধবাৰে আবেলিৰ ভাগত শোণিতপুৰৰ ভৰাশিঙৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দুটা ফৈদৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ঘৰ বাবে সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ লগত সংগতি ৰাখি বজৰং দলে বাইক লৈ উলিওৱা শোভাযাত্ৰাৰ সময়তে আন এটা ফৈদে উচ্চ স্বৰত ডিজে বজোৱাক লৈ সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত উপস্থিত জিলা উপায়ুক্ত

উচ্চ স্বৰত ডিজে বজোৱাক লৈ হোৱা মতানৈক্যই ইমানে বিষম পৰিস্থিতিৰ ৰূপ লয় যে, ঘটনাস্থলীত দুৰ্বৃত্তই জ্বলাই দিয়ে কেবাখনো বাহন ৷ দুৰ্বৃত্তই হাতে হাতে লাঠি,চোকা অস্ত্ৰ লৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে ৷

শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ উপায়ুক্তৰ মন্তব্য

ঘটনাস্থলীত উপস্থিত হয় উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগতে জিলা দণ্ডাধীশ ৷ আৰক্ষীৰ বিশাল দল মোতায়েন কৰা হয় ঘটনাস্থলীত ৷

শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষ

উপায়ুক্তগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাত তেওঁৰো বাহনখন কিছুপৰিমানে ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে ৷ আনহাতে চক্ৰ বিষয়াগৰাকীৰ ব্যক্তিগত বাহনখন জ্বলাই দিয়ে ৷ ইপিনে দুয়োপক্ষতেই পাঁচশতাধিকৰো অধিক যুৱকে হাতে হাতে জাঠি-জোং লৈ অহাত পৰিস্থিতি অধিক অৱনতি হোৱাৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰাৰ লগতে লাঠিচালনা কৰে বুলি জানিব পৰা গৈছে ৷

শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষত জ্বলিল বাহন
শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষত জ্বলিল বাহন

উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই সংঘৰ্ষই গোষ্ঠীগত সংঘৰ্ষৰ ৰূপ ধাৰণ কৰাৰ যথেষ্ট সম্ভাৱনা আছিল যদিও প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে আৰু ঘটনাৰ প্ৰকৃত কাৰণ আৰু ইয়াত কোন কোন জড়িত আছে সেই সম্পৰ্কে তদন্ততহে পোহৰলৈ আদিব বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৷

সংঘৰ্ষত জ্বলি ৰ’ল কেবাখনো বাহন
সংঘৰ্ষত জ্বলি ৰ’ল কেবাখনো বাহন

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও সমগ্ৰ নিশা স্পৰ্শকাতৰ অঞ্চল সমূতহ আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ৷

ক্ষতিগ্ৰস্থ উপায়ুক্তৰ বাহন
ক্ষতিগ্ৰস্থ উপায়ুক্তৰ বাহন

শেহতীয়া খবৰ অনুসৰি ঠেলামৰা আৰু ঢেকীয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত এলেকা সমূহত সান্ধ্য আইন জাৰি কৰিছে জিলা প্ৰশাসনে ৷

উপায়ুক্তৰ বাহনতো আক্ৰমণ
উপায়ুক্তৰ বাহনতো আক্ৰমণ

লগতে পঢ়কঃ কাকপথাৰত AJYCP ৰ মানৱ-শৃংখল কাৰ্যসূচী

Last Updated : Aug 5, 2020, 11:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.