ETV Bharat / state

তেজপুৰৰ ৫টা সমষ্টিতে বিজেপি-অগপ মিত্ৰজোঁটৰ জয়

author img

By

Published : May 3, 2021, 12:43 PM IST

Sonitpur district assembly election Result
তেজপুৰ নিৰ্বাচন জিলাৰ ৫টা সমষ্টি দখল কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে

তেজপুৰত উৰিল বিজেপি-অগপ মিত্ৰজোঁটৰ বিজয় ধ্বজ্জা । ৭১ নং ঢেকীয়াজুলি সমষ্টি, ৭২ নং বৰচলা সমষ্টি, ৭৩ নং তেজপুৰ সমষ্টি, ৭৪ নং ৰঙাপাৰা সমষ্টি আৰু ৭৫ নং চতিয়া সমষ্টি দখল কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ।

তেজপুৰ, ৩ মে': দেওবাৰে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলে ধুলিস্যাৎ কৰিলে কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ দৰে ৰাজনৈতিক দলৰ বহু প্ৰাৰ্থীৰ সপোন । তেজপুৰ নিৰ্বাচনী জিলাতো কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ দিছপুৰ যাত্ৰাৰ আশাত চেঁচা পানী পৰিল । ৭১ নং ঢেকীয়াজুলি সমষ্টি, ৭২ নং বৰচলা সমষ্টি, ৭৩ নং তেজপুৰ সমষ্টি, ৭৪ নং ৰঙাপাৰা সমষ্টি আৰু ৭৫ নং চতিয়া সমষ্টি দখল কৰিলে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ।

৭২ নং বৰচলা সমষ্টিত বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে নিকটতম প্ৰতিদ্বন্দী তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাক ১৭,৪৯২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বৰচলা পুনৰ নিজৰ দখললৈ নিয়ে । গণেশ কুমাৰ লিম্বুৱে মুঠ ৬৪,১৪৮ টা ভোট লাভ কৰাৰ বিপৰীতে আৰ পি শৰ্মাই ৪৬,৬৫৬টা ভোট লাভ কৰে । ৭৪ নং ৰঙাপাৰা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ নাৰায়ণক ২২,১৫৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

কৃষ্ণ কমল তাঁতীয়ে ৬৯,৭৬৫টা ভোট লাভ কৰে আৰু অভিজিৎ নাৰায়ণে লাভ কৰে ৪৭,৬০৯টা ভোট । ৭৫ নং চতিয়া সমষ্টিত জয় লাভ কৰে পদ্ম হাজৰিকাই । নিকটতম প্ৰতিদ্বন্দী তথা কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক তেওঁ ২৩,৫৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই মুঠ ৮৩,৬০২টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰাণেশ্বৰ বসুমতাৰীয়ে ৬০,০৫৬টা ভোটতে সন্তুষ্ট হ'বলগীয়া হয় । ৭৩ নং তেজপুৰ সমষ্টিত বিজয় ধ্বজ্জা উৰুৱালে মিত্ৰজোঁট সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই ।

কংগ্ৰেছ প্ৰাৰ্থী ডাঃ অনুজ কুমাৰ মেচক তেওঁ ৯৮৫৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । পৃথ্বীৰাজ ৰাভাই মুঠ ৭০,৮৩৫ টা ভোট লাভ কৰে আৰু ডাঃ অনুজ কুমাৰ মেচে ৬০,৯৮২টা ভোট লাভ কৰে । একেদৰে ৭১ নং ঢেকীয়াজুলি সমষ্টিতো মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰে । কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথক ৩৪ ৮৩৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বৰ্তমানৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংঘালে উক্ত আসনখন পুনৰ দখল কৰে ।

অশোক শিংঘালে মুঠ ৯৩,৩২৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথে ৫৮,৪৯২ টা ভোট লাভ কৰে । আনহাতে, জয়ী হোৱাৰ পিছত ঢেকীয়াজুলিৰ বৰ্তমানৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘালে কয় যে, পূৰ্বে উন্নয়নমূলক কামৰ পৰা বঞ্চিত হৈ থকা সমষ্টিটোৰ বাবে তেওঁ সততাৰে কৰা উন্নয়নমূলক কামৰ বাবে জনসাধাৰণে এয়া এক প্ৰকাৰৰ আশীৰ্বাদ দিছে ।

তেওঁ লগতে কয় যে, এতিয়া ৰাইজে তেওঁক তেওঁলোকৰ বাবে কাম কৰাৰ দায়িত্ব পুনৰ অৰ্পণ কৰিছে আৰু সেয়ে, তেওঁ অধিক উৎসাহেৰে সমষ্টিটোৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ইফালে বৰচলাৰ আসন পুনৰ লাভ কৰি বিধায়ক গণেশ কুমাৰ লিম্বুৱে কয় যে, তেওঁ এই আসনখন জিকিব বুলি নিশ্চিত হৈ আছিল, কিয়নো নিৰ্বাচনত তেওঁ কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ অনুভৱ কৰা নাছিল ।

তেওঁ লগতে কয় যে, তেওঁ সমষ্টিটোৰ বাবে বহু কাম কৰিছে , যাৰ বাবে ৰাইজে তেওঁক আকৌ এবাৰ তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে । কলাগুৰু বিষ্ণু প্ৰসাদ ৰভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কয় যে, সাংস্কৃতিক নগৰী তেজপুৰক পুনৰ গৌৰৱান্বিত কৰিবলৈ যথেষ্ট কাম কৰিব লাগিব । লগতে ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতাৰে এই ঐতিহাসিক সমষ্টিটোক এক নতুন ৰূপ দিবলৈ সক্ষম হ'ব বুলিও তেওঁ আশা ব্যক্ত কৰে ।

আনহাতে, বিজয়ী হোৱাৰ পিছত পদ্ম হাজৰিকাই কয় যে, চতিয়াত ইতিমধ্যে বহু উন্নয়নমূলক কাম কৰা হৈছে আৰু অনাগত দিনত অধিক উন্নয়নমূলক কামৰ সাক্ষী হ'ব চতিয়াবাসী । একেদৰে, কৃষ্ণ কমল তাঁতীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে, বিজেপিৰ শাসন কালত ৰঙাপাৰাত আমূল পৰিৱৰ্তন সাধন হৈছে । এতিয়া সমষ্টিটোত দ্ৰুত গতিত উন্নয়নমূলক কাম সম্পাদন হ'ব ।

লগতে পঢ়ক:সৰুক্ষেত্ৰীত বিজয় ধ্বজা উৰুৱালে জাকিৰ হুছেইন সিকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.