ETV Bharat / state

গাহৰি ফার্মিঙেৰে যুৱ প্ৰজন্মক স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন বেংক বিষয়াৰ

author img

By

Published : Oct 5, 2020, 4:36 PM IST

ইউৰোপৰ আৰ্হিৰে গাহৰি পালন কৰি চমক সৃষ্টি তেজপুৰ ঘোঁৰামাৰীৰ ঢেকিডল গাঁৱৰ মনোজ বসুমতাৰী নামৰ শীৰ্ষ বেংক বিষয়াৰ ৷ 6 বছৰ পূৰ্বে ষ্টেট বেংক অব ইণ্ডিয়াৰ দিল্লীৰ ৰে’ল ভৱনৰ সমীপত এগৰাকী শীৰ্ষ বিষয়া হিচাপে কাম কৰাৰ পাচত ঘৰলৈ উভতি আহি গাহৰিৰ ফাৰ্ম আৰম্ভ কৰে লোকজনে ৷

Banker turned piggery in Tezpur
গাহৰি ফার্মিঙেৰে স্বাৱলম্বীৰ বাট দেখুৱাইছে শীৰ্ষ বেংক বিষয়াই

তেজপুৰ,5 অক্টোবৰ: এগৰাকী বেংকৰ শীৰ্ষ বিষয়াই বিজ্ঞানসন্মতভাৱে ইউৰোপৰ আৰ্হিৰে গাহৰি পালন কৰি চমক সৃষ্টি কৰাৰ লগতে যুৱ প্ৰজন্মক এই বৃত্তিৰ প্ৰশিক্ষণ দি স্বাৱলম্বী হোৱাত সহায় কৰিছে ।

তেজপুৰ ঘোঁৰামাৰীৰ ঢেকিডল গাঁৱৰ মনোজ বসুমতাৰী নামৰ লোকজন 6 বছৰ পূৰ্বে দিল্লীস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৰে’ল ভৱনৰ সমীপত এগৰাকী শীৰ্ষ বিষয়া হিচাপে কৰ্মৰত আছিল ৷ কিন্তু নিজে কিবা এটা কৰাৰ মানসৰে ঘৰলৈ উভতি আহি আৰম্ভ কৰিলে গাহৰিৰ ফাৰ্ম । মাত্ৰ 25 টা গাহৰিৰ পৰা আৰম্ভ কৰি এতিয়া 16 জন কৰ্মচাৰীৰ সৈতে 1000ৰো অধিক গাহৰি পালন কৰিছে লোকজনে ।

গাহৰি ফার্মিঙেৰে স্বাৱলম্বীৰ বাট দেখুৱাইছে শীৰ্ষ বেংক বিষয়াই

‘Symbiotic Food Private Ltd’ নামেৰে 2 বিঘা মাটি সামৰি পিছপৰি থকা জনজাতীয় লোকসকলৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যে এই ফাৰ্ম আৰম্ভ কৰি এতিয়ালৈ বহুতো শিক্ষিত নিবনুৱাক নিজে স্বাৱলম্বী হ’বলৈ প্ৰেৰণা যোগাইছে । ইউৰোপত প্ৰশিক্ষণ লৈ এতিয়া উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ থলুৱা যুৱক-যুৱতীৰ বাবে নিজৰ ফাৰ্মৰ হোষ্টেলত প্ৰশিক্ষণ প্ৰদান কৰে মনোজ বসুমতাৰীয়ে ।

গাহৰি ফার্মিঙেৰে স্বাৱলম্বীৰ বাট দেখুৱাইছে শীৰ্ষ বেংক বিষয়াই

যদিও লোকজনে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে,ইয়াৰ পাচত ইউৰোপত এই ফার্মিঙৰ প্ৰশিক্ষণ লৈ এতিয়া তেওঁ অধিক উপাৰ্জন কৰিছে । যুৱ প্ৰজন্মক স্বাৱলম্বীৰ বাট দেখুৱাই মনোজ বসুমতাৰীয়ে লকডাউনৰ সময়ছোৱাত এই ফাৰ্মৰ পৰা নতুনকৈ সংযোগ কৰে স্মোক পোৰ্ক,শ্লাইছ অৱ গাহৰি ইত্যাদি নামৰ ফ্ৰ’জেন যিটো মাংস হাইজেনিক আৰু ই বহুদিনৰ পাচত ব্যৱহাৰৰ কৰিলেও কোনো অসুবিধা নহয় ।

Banker turned piggery in Tezpur
গাহৰি ফার্মিঙেৰে স্বাৱলম্বীৰ বাট দেখুৱাইছে শীৰ্ষ বেংক বিষয়াই

তেওঁ কয় যে,ইউৰোপৰ আৰ্হিৰ গাহৰি এতিয়া অসমত পাব । গাহৰিৰ বজাৰৰ চাহিদা বহুত বেছি আৰু গাহৰিৰ সংখ্যা উত্তৰ পূৰ্বাঞ্চলত কমি আহিছে ৷ হাজাৰৰো অধিক গাহৰি ৰাজস্থান,হাৰিয়ানা,পাঞ্জাৱ আদি ঠাইৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বজাৰলৈ অনা হয় । ব্ৰইলাৰৰ দৰে এতিয়া গাহৰিৰ ফাৰ্ম এক উদ্যোগৰ দিশে আগ বাঢ়িছে বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ-এআইইউডিএফ মিত্ৰতাৰ লাভ পাব অগপই : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.