ETV Bharat / state

কংগ্ৰেছ-এআইইউডিএফ মিত্ৰতাৰ লাভ পাব অগপই : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

author img

By

Published : Oct 5, 2020, 1:59 PM IST

পশ্চিম গুৱাহাটীৰ নিৰলপুৰৰ তাতিবামা পুৰণি হাইস্কুলত অগপৰ ৰাণী আঞ্চলিক কমিটীৰ বাৰ্ষিক অধিবেশন উপলক্ষে আয়োজিত কৰ্মী সভাত এই মন্তব্য আগবঢ়াই বিধায়ক গৰাকীয়ে ৷

MLA Ramendra narayan Kalita's reaction on CONG-AIUDF alliance
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰজোঁটে লাভাম্বিত কৰিব অগপক

দক্ষিণ কামৰূপ, 5 অক্টোবৰ : "কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় ৷ আনকি সেই মিত্ৰজোঁটে অগপ আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক প্ৰত্যাহ্বান জনোৱাৰ সলনি লাভাম্বিতহে কৰিব" ৷ এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ দেওবাৰে পশ্চিম গুৱাহাটীৰ নিৰলপুৰৰ তাতিবামা পুৰণি হাইস্কুলত অগপৰ ৰাণী আঞ্চলিক কমিটীৰ বাৰ্ষিক অধিবেশন উপলক্ষে আয়োজিত কৰ্মী সভাত ভাগ লৈ এই মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ৷ বিধায়ক কলিতাই কয় যে, অগপৰ কৰ্মীসকল কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰজোঁটক লৈ কোনো ধৰণৰ শংকিত হ'ব নালাগে ৷ কিয়নো কি উদ্দেশ্য আগত লৈ সেই মিত্ৰজোঁট গঠন কৰা হৈছে তাক অসমৰ ৰাইজে ভালকৈ জানে ৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰজোঁটে লাভাম্বিত কৰিব অগপকঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আনহাতে অসমৰ খিলঞ্জীয়া ৰাইজৰ জাতি,মাটি আৰু ভেঁটিৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত অগপই কোনোদিনেই আপোচ নকৰে বুলি মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ আগন্তুক নিৰ্বাচনত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ কেৱল সময়লৈ অপেক্ষা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি টীয়কবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.