ETV Bharat / state

Azadi Ka Amrit Mahotsav, তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ

author img

By

Published : Aug 12, 2022, 4:19 PM IST

Updated : Aug 13, 2022, 11:04 AM IST

তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) । বিশেষ সভাৰ লগতে বিশাল চাইকেল ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga Mission) কাৰ্যসূচী সফল কৰিবলৈ জনালে আহ্বান ।

awareness cycle rally in tezpu
তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ

তেজপুৰ, ১২ আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Independence day) উপলক্ষে সমগ্ৰ দেশতে আয়োজিত আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ অংশ হিচাপে তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান । পুৱা প্ৰাতঃসভা সম্পন্ন হোৱাৰ পিচত বিদ্যালয়ত নিয়মীয়া পাঠদানৰ মাজতে স্বাধীনতাক বিষয় হিচাপে লৈ অনুষ্ঠিত কৰে এখনি সভাৰ ।

সভাখনিত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্মীয়ে ৷ শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা সভাখনত আদৰণি বক্তব্য প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ অমৃৎ মহোৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে ৷ তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰত আমি কিদৰে আৰু কি অমৃত পান কৰিলোঁ এতিয়া ভাৱিব লাগে ৷ এতিয়াও অৰ্থাৎ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আমি শিক্ষা গ্ৰহণৰ কথা কব লাগে, ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ আহিবলৈ কব লাগে, ছাত্ৰ-ছাত্ৰীক বিচাৰি যাব লাগে, শৈক্ষিক সজাগতা সভা পাতিব লাগে, এয়া চিন্তনীয় বিষয় ।

স্বাধীনতাৰ আগতেই আনন্দৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মহাত্মা গান্ধী আদিয়ে বিলাতত পঢ়িবলৈ গৈছিল, এতিয়া আকৌ আমি মাতি মাতি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আনিব নোৱাৰো- ইয়ো বৰ চিন্তনীয় কথা বুলি উল্লেখ কৰে বকুল কুৰ্মীয়ে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চিপাহী বিদ্ৰোহৰ প্ৰসংগ উল্লেখ কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জড়িত মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, মণিৰাম দেৱান, মঙ্গল পাণ্ডে আদি মনীষীৰ জীৱন দৰ্শন আৰু কৰ্মৰ বৰ্ণনা দিয়ে গাভৰু শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰবিকুমাৰ শীলে ৷

তেওঁ লগতে স্বাধীনতা সংগ্ৰামত জড়িত অধিকাংশ ব্যক্তিয়েই গাওঁ অঞ্চলৰ আছিল বুলি মন্তব্য কৰে ৷ সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰণিতা মেধী, পংকজকান্তি দেৱৰয় আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বামুণপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতিয়ে ৷ ছাত্ৰ-ছাত্ৰীৰ নৃত্যৰে জীপালহৈ পৰা সভাখনৰ সামৰণি পৰাৰ পিচতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত স্থাপন কৰা চেলফি কেন্দ্ৰটি উন্মোচন কৰা হয় ৷

ইয়াৰ পিচতেই ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga Mission) কাৰ্যসূচী সফল কৰিবলৈ জনসজাগতা যাত্ৰা নামেৰে এটা চাইকেল ৰেলীও উলিওৱা হয় ৷ বিদ্যালয়খনৰ প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰীয়ে অৰ্থাৎ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা চাইকেল ৰেলীৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো আৰু খণ্ড শিক্ষা বিষয়া ৰবীকুমাৰ শীলে ৷ কাৱৈমাৰী, ঘটুৱা, বৰবিল, বামুণপুখুৰীহৈ প্ৰায় পাঁচ কিলোমিটাৰ চাইকেলৰেলী আহি পুনৰ বিদ্যালয়ত উপস্থিত হয় ।

লগতে পঢ়ক: Tragic incident: অসবৰ্ণ বিবাহ কৰাৰ বাবেই অতুল শৰ্মাক সৎকাৰৰ বাবে নাহিল কোনো

Last Updated :Aug 13, 2022, 11:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.