ETV Bharat / state

Tragic incident, অসবৰ্ণ বিবাহ কৰাৰ বাবেই অতুল শৰ্মাক সৎকাৰৰ বাবে নাহিল কোনো

author img

By

Published : Aug 12, 2022, 12:44 PM IST

Updated : Aug 13, 2022, 12:50 PM IST

স্বাধীনতাৰ গৌৰৱোজ্জ্বল 75 বছৰ উদযাপনৰ বাবে এতিয়া সমগ্ৰ দেশৰ লগত ব্যস্ত অসম (75th Anniversary of Indian Independence) ৷ কিন্তু বৃটিছৰ পৰাধীনতাৰ পৰাহে মুক্ত হ’ল দেশ ৷ এতিয়াও জাতি ভেদ প্ৰথাই পৰাধীন কৰি ৰাখিছে সমাজক । যাৰ বাবে সামাজিক সংকীৰ্ণতাৰ বলি হৈ এটা পৰিয়ালে সৎকাৰৰ বিপৰীতে গাত খান্দি পুতি থ’বলগীয়া হ’ল ঘৰৰ মুৰব্বীৰ মৃতদেহ (Tragic story of Atul Sarma) ।

No one Helped to Cremate Body
মৃতদেহ সৎকাৰৰ বাবে নাহিল কোনো

দৰং, 12 আগষ্ট : স্বাধীনতাৰ 75 বছৰৰ পাছতো সামাজিক সংকীৰ্ণতা, জাতিভেদ প্ৰথাৰ পৰা মুক্ত হোৱা নাই দেশ ৷ এতিয়াও জাতিভেদ প্ৰথাই পৰাধীন কৰি ৰাখিছে সমাজক । যাৰ বাবে নিম্ন বৰ্ণৰ এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধ কৰাই ধৰ্মক জলাঞ্জলি দিবলগীয়া হ’ল এজন উচ্চ বৰ্ণৰ লোকে । সৎকাৰৰ বিপৰীতে গাত খান্দি পুতিবলগীয়া হ’ল লোকজনৰ মৃতদেহ । এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মঙলদৈ পতালসিং পাৰাৰ গণক চুবাত ।

সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি-নীতি অনুসৰি মৃতদেহ সৎকাৰ কৰাৰ পৰিবৰ্তে গাঁত খান্দি মৃতদেহ পুতিবলগীয়া হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ । মঙলদৈ গণক চুবাত মঙলবাৰে মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ । গণক সম্প্ৰদায়ৰ অতুল শৰ্মাই প্ৰায় ২৭ বছৰ পূৰ্বে কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱীক বিয়া কৰাইছিল । সমাজৰ মতে এইটোৱে দোষ আছিল অতুল শৰ্মাৰ । যাৰ বাবে প্ৰতি নিয়ত সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ-জীয়ৰীসহ পত্নী প্ৰণিতা দেৱী ।

শৰ্মাৰ মৃত্যুৰ পাছতো পিছ নেৰিলে তেওঁল এই দোষে ৷ তেওঁ এই দোষৰ বাবেই সম্পূৰ্ণ অমানৱীয়তা প্ৰদৰ্শন কৰি তেওঁ মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া । নাহিল গণকৰ পুৰোহিত তথা কোচৰ পুৰোহিত । কি কৰা যায় এতিয়া... সমস্যাত পৰিল শৰ্মাৰ পৰিয়ালবৰ্গ ৷ অৱশেষত মৃত অতুল শৰ্মাৰ তিনি ভাতৃয়ে কেনেবাকৈ মৃতদেহটো নি নদীৰ পাৰত গাঁত খান্দি পুতি থয় । এতিয়া ৰীতি-নীতি অনুসৰি মৃতকৰ কাজ-কৰ্ম কেনেকৈ কৰিব তাকে লৈও সমস্যাত পৰিছে পৰিয়ালটো ।

লগতে পঢ়ক: Azadi ka Amrit Mahotsav: অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশ লৈ অসুস্থ ৮ শিক্ষাৰ্থী

Last Updated :Aug 13, 2022, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.