ETV Bharat / state

৩.৮ প্ৰব্যল্যৰ ভূঁইকঁপে জোকাৰি গ’ল ৰাজ্য

author img

By

Published : Oct 3, 2021, 8:44 PM IST

ৰাজ্যত পুনৰ ৩.৮ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত । পূৰ্বৰ দৰেই এই ভূইকঁপৰো উৎপত্তিস্থল শোণিতপুৰ ৷

another-earthquake-in-tezpur
পুনৰ ভূঁইকঁপৰ জোকাৰণিত কম্পিত ৰাজ্য

তেজপুৰ, ৩ অক্টোবৰ : দেওবাৰে পুনৰ এক ভূঁইকঁপে জোকাৰি যায় শোণিতপুৰ । সমগ্ৰ ৰাজ্যতে ইয়াৰ প্ৰাবল্য অনুভত হয় যদিও কিছু সামান্য কিন্তু আছিল এই জোঁকাৰণি ৷ তেজপুৰ চহৰৰ সমীপৱৰ্তী অঞ্চলত ইয়াৰ প্ৰব্যল্য আছিল ৩.৮ ৰিখটাৰ স্কেল । ইয়াৰ উৎপত্তি স্থল শোণিতপুৰ । বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা বুলি জানিব দিয়া মতে, দিনৰ ২ বাজি ৪০ মিনিটত অহা এই ভূঁইকঁপৰ ভূ-পৃষ্ঠৰ পৰা গভীৰতা আছিল ৫ কিলোমিটাৰ ৷
আনহাতে, ভূঁইকঁপৰ কিছু সময়ৰ পিছতে তেজপুৰ চহৰৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ধাৰাসাৰ বৰষুণ হয় । উল্লেখযোগ্য যে, যোৱা ২৭ ছেপ্টেম্বৰ মঙলবাৰে মাজনিশা অহা এক ভূইকঁপে জোকাৰি যায় অসমৰ ভিন্ন প্ৰান্ত ৷ ৰিখটাৰ স্কেলত ৩.২ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত তেজপুৰত জোকাৰণি অনুভূত হয় ৷ মাজনিশা প্ৰায় ১২.৫২ বজাত প্ৰাবল্য অনুভূত হোৱা ভূমিকম্পটোৰ ভূ-পৃষ্ঠৰ পৰা গভীৰতা আছিল ১০ কিল’মিটাৰ ৷

ইয়াৰ তিনিদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পাংগিংৰ ওচৰত আন এক ভূঁইকঁপৰ জোকাৰণি হয় । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৮ তাৰিখত পুৱা ৮ বজাত ৬.৫ প্ৰব্যল্যৰ ভূঁইকঁপৰ ফলত শোণিতপুৰ জিলাত উৎপত্তি স্থলৰ পৰা মাটি ফাটি পানী ওলাই আহিছিল আৰু ৰাজ্যজুৰি এই ভূমিকম্পটোৰ প্ৰাবল্যৰ বাবে বহু ক্ষয়-ক্ষতি হৈছিল ৷

লগতে পঢ়ক : কাকপথাৰৰ সেনা শিবিৰত স্বৰ্নিম বিজয় বৰ্ষ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.