ETV Bharat / state

সোণাই-ৰূপাই অভয়াৰণ্যত মৃতদেহ উদ্ধাৰ

author img

By

Published : May 3, 2019, 10:53 PM IST

সোণাই-ৰূপাই অভয়াৰণ্যত মৃতদেহ উদ্ধাৰ

অৰ্ধগলিত অৱস্থাত উদ্ধাৰ এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা কেবিউছ তপ্নৰ মৃতদেহ । এই ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।


ৰঙাপৰা,৩ মে': শোণিতপুৰৰ মিছামাৰীত শুকুৰবাৰে উদ্ধাৰ হয় এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ । মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয় নগৰৰ কেবিউছ তপ্ন বুলি চিনাক্তকৰণ কৰে পৰিয়ালৰ লোকে। যোৱা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন । যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি সোণাই ৰূপাই অভয়াৰণ্যৰ ঘোৰ জংঘলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

সোণাই-ৰূপাই অভয়াৰণ্যত মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে মিছামাৰীৰ আজাৰবাৰীত শুকুৰবৰীয়া বজাৰলৈ যুৱকজন পৰিয়ালৰ সৈতে আহিছিল । আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল যুৱকজন ।

etv bharat
সোণাই-ৰূপাই অভয়াৰণ্যত মৃতদেহ উদ্ধাৰ

মিছামাৰীৰ উক্ত অঞ্চলটোত চলি থকা অবৈধ সুৰাৰ বাবে অসামাজিক আৰু হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ অহা বুলি আটছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে অভিযোগ তোলে । ইফালে ঘটনাস্থলীত মিছামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।

Intro:মিছামাৰীৰ সোনাই-ৰূপাই অভয়াৰণ্যত অৰ্ধগলিত মৃতদেহ উদ্ধাৰঃ এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল যুৱকজন।Body:ৰঙাপৰাঃ শোণিতপুৰৰ মিছামাৰীত আজি এজন যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয় নগৰৰ কেবিউছ তপ্ন বুলি চিনাক্তকৰণ কৰে পৰিয়ালৰ লোকে। যোৱা শুক্ৰবাৰৰ সন্ধানহীন হৈ আছিল যুৱকজন। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি সোনাই-ৰূপাই অভয়াৰণ্যৰ ঘোৰ জংঘলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে মিছামাৰীৰ আজাৰবাৰীত শুক্ৰবৰীয়া বজাৰলৈ যুৱকজন পৰিয়ালৰ সৈতে আহিছিল আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল। মিছামাৰীৰ উক্ত অঞ্চলটোত চলি থকা অবৈধ সুৰাৰ বাবে অসামাজিক আৰু হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ অহা বুলি আটছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে অভিযোগ তোলে। ইফালে ঘটনাস্থলীত মিছামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.