ETV Bharat / state

পুৱাই 3.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:48 AM IST

Updated : Jan 17, 2024, 1:00 PM IST

EarthQuake
ভূমিকম্পৰ জোকাৰণি

Earthquake Hits Assam: ৰাজ্যত পুনৰ 3.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি ৷ অসমত কেবাখনো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত ৷

তেজপুৰ, 17 জানুৱাৰী: বুধবাৰে পুৱা উত্তৰ অসমৰ লগতে অসমৰ কেবাখনো জিলাত পুনৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । পুৱা 7.54 বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ ভূমিকম্পটোৰ প্ৰাবল্য 3.5 বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, পুৱা 7.54 বজাত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ দৰং জিলা ৷ সমূদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 20 কিলোমিটাৰ গভীৰতাত ইয়াৰ উৎপত্তি ।

অৱশ্যে ইয়াৰ ফলত কোনো ক্ষয়-ক্ষতিৰ বাতৰি জানিব পৰা হোৱা নাই । এদিন পূৰ্বে মাঘ বিহুৰ দিনা মধ্য অসমৰ কাৰ্বি আংলং জিলাৰ কেন্দ্ৰস্থলত অনুভূত হয় আন এক ভূঁইকপৰ জোকাৰণি । ভূমিকম্পই অসমৰ কেবাখনো জিলাত ইয়াৰ মৃদু প্ৰভাৱ পেলাইছে । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সন্ধিয়া 5.59 বজাত 3.6 প্ৰাবল্যৰ এক ভূঁইকোপে জোকাৰি যায় । ইয়াৰ গভীৰতা সাগৰ পৃষ্ঠৰ পৰা 25 কিলোমিটাৰ দূৰত্বত ।

উল্লেখযোগ্য যে, অসমত বিগত সময়চোৱাত কেবাটাও ভূমিকম্প অনুভূত হয় । যোৱা 27 ডিচেম্বৰ বুধবাৰে পুৱাও ৰাজ্যত এক ভূঁইকপৰ জোকাৰণি অনুভূত হৈছিল । অসমৰ কেবাখনো জিলাত ইয়াৰ মৃদু জোকাৰণি অনুভূত হৈছিল । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পুৱা 5.55 বজাত বিশ্বনাথ জিলাৰ 20 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা ভূমিকম্পৰ প্ৰাৱল্য আছিল 3.4 ৰিখটাৰ স্কেলত । এই জোকাৰণিৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি সাধন হোৱা নাই ।

আনহাতে, যোৱা 24 ডিচেম্বৰত ধুবুৰী জিলাৰ 10 কিলোমিটাৰ নিলগত উৎপত্তি হৈছিল 3.1 প্ৰাবল্যৰ আন এক ভূমিকম্পৰ জোকাৰণি । ইয়াৰোপৰি, 1 জানুৱাৰীৰ দিনাও 2.6 প্ৰাবল্যৰ ভূমিকম্প অনুুভূত হৈছিল ৷

লগতে পঢ়ক: ৰাজ্যত 3.6 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি, কেইবাখনো জিলাত প্ৰভাৱ

Last Updated :Jan 17, 2024, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.