ETV Bharat / state

ৰাজ্যত 3.6 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি, কেইবাখনো জিলাত প্ৰভাৱ

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 9:09 PM IST

Earthquake Hits Assam
3.6 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি

Earthquake Hits Assam : ভোগালী বিহুৰ দিনাই ৰাজ্যত অনুভূত হ’ল ভূমিকম্প ৷ 3.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্যৰ কেইবাখনো জিলা ৷

তেজপুৰ, 15 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ-উলাহৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্ত জোকাৰিলে ভূমিকম্পই ৷ ভোগালী বিহুৰ দিনাই ৰাজ্যত অনুভূত হ’ল নিম্ন প্ৰাবল্যৰ এক ভূমিকম্প ৷ ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3.6 ৷ ভূমিকম্পৰ কেন্দ্ৰস্থল কাৰ্বি আংলং বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পূব কাৰ্বি আংলং জিলা ৷ 23 কিলোমিটাৰ গভীৰতাত নিশা 7.12 বজাত এই ভূমিকম্পৰ ৰেকৰ্ড কৰা হৈছে ৷ ভূমিকম্পৰ কেন্দ্ৰস্থলৰ সঠিক অৱস্থান গুৱাহাটীৰ পৰা প্ৰায় 170 কিলোমিটাৰ পূব-দক্ষিণ-পূব, নাগালেণ্ড সীমান্তৰ ওচৰত ৷

চুবুৰীয়া পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, গোলাঘাট, নগাঁও জিলাতো এই জোকাৰণি অনুভূত হয় ৷ নাগালেণ্ড আৰু মণিপুৰৰ কিছু অঞ্চলতো এই ভূমিকম্প অনুভূত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ অৱশ্যে এই ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা অথবা কোনো সা-সম্পত্তি ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই ৷

উল্লেখ্য যে, উত্তৰ-পূব অঞ্চলটো উচ্চ ভূমিকম্পীয় প্ৰভাৱ অঞ্চলত পৰে, যাৰ বাবে ইয়াত সঘনাই ভূমিকম্প হয় ৷ বিগত 27 ডিচেম্বৰ বুধবাৰে পুৱাই ৰাজ্যত এক ভূঁইকপৰ জোকাৰণি অনুভূত হয় ৷ এই ভূমিকম্পই অসমৰ কেইবাখনো জিলাত মৃদু প্ৰভাৱ পেলায় ৷ পুৱা 5.55 বজাত বিশ্বনাথ জিলাৰ 20 কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল 3.4 ৷ এই জোকাৰণিৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাছিল ৷ ২৪ ডিচেম্বৰতো ধুবুৰী জিলাৰ ১০ কিলোমিটাৰ গভীৰত উৎপত্তি হৈছিল ৩.১ প্ৰাব্যল্যৰ ভূমিকম্প ৷

লগতে পঢ়ক : লখিমপুৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত আইএমডিৰ ১৫০ বছৰীয়া জয়ন্তী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.