ETV Bharat / state

লখিমপুৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত আইএমডিৰ ১৫০ বছৰীয়া জয়ন্তী পালন

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:40 PM IST

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লখিমপুৰ জিলাৰ লীলাবাৰী বিমান বন্দৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় (IMD foundation day)। শিক্ষাৰ্থীসকলৰ মাজত বতৰ বিজ্ঞান বিভাগৰ কাৰ্য প্ৰণালী সম্পৰ্কে সজাগতাৰ সৃষ্টি । প্ৰাক্তন কৰ্মচাৰীসকলক সম্বৰ্ধনা ।

IMD 150 years celebration
লখিমপুৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত আইএমডিৰ ১৫০ বছৰীয়া জয়ন্তী পালন

লখিমপুৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত আইএমডিৰ ১৫০ বছৰীয়া জয়ন্তী পালন

লখিমপুৰ,১৫ জানুৱাৰী : ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) ১৫০ বছৰীয়া জয়ন্তী উদযাপন । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰতো ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ বছৰীয়া জয়ন্তী পালন কৰা হৈছে ।

লীলাবাৰী বিমান বন্দৰৰ বৈমানিক বতৰ বিজ্ঞান কেন্দ্রত এই বৰ্ষপূৰ্তি পালন কৰা হয় । কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰটোৰ সমীপৱৰ্তী বিদ্যালয়সমূহৰ একাংশ ছাত্র-ছাত্রীক আমন্ত্ৰণ জনোৱা হয় আৰু বতৰ বিজ্ঞান বিভাগৰ বিভিন্ন কাৰ্য প্ৰণালী সম্পৰ্কে অৱগত কৰা হয় । লগতে ছাত্ৰ-ছাত্ৰীসকলক যন্ত্ৰপাতিৰ সৈতেও পৰিচয় কৰাই দিয়া হয় । শিক্ষার্থী সমাজক এই দিশত আগ্ৰহী কৰি তোলাৰ বাবেই কেন্দ্রটোৰ বিজ্ঞানীসকলে বিশেষ কাৰ্যসূচীও ৰূপায়ণ কৰে । বিভাগটোৰ গৌৰৱময় ইতিহাস সম্পৰ্কে বিজ্ঞানীসকলে শিক্ষার্থীসকলক অৱগত কৰে । বিভাগটোৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলকো আমন্ত্রণ জনাই সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অধীনত থকা ৬ টা আঞ্চলিক কাৰ্যালয়ৰ ভিতৰত গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ অধীনত আছে লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ বতৰ বিজ্ঞান কেন্দ্রটো । কেন্দ্ৰটোত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ বছৰীয়া জয়ন্তী পালনৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্রটোৰ বতৰ বিজ্ঞানী পংকজ বৰপাত্ৰগোঁহাই, বৈজ্ঞানিক সহায়ক আশীষ দ্বিবেদী, অজিত কুমাৰ সিং আদিয়ে অংশগ্রহণ কৰে ।

উল্লেখ্য যে ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্রালয়ৰ অধীনস্থ এই বিভাগটো বিভিন্ন ভাগত ভাগ হৈ আছে । কৃষি, বিমান পৰিবহণৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্রত বিভাগটোৱে কাম কৰি আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগ হৈছে ভাৰত চৰকাৰৰ সকলো বতৰ আৰু জলবায়ু সেৱাৰ প্ৰধান চৰকাৰী সংস্থা । এই বিভাগে ভূ-বিজ্ঞান মন্ত্রালয়ৰ অধীনত কাম কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় 'মৌচম ভৱন' নতুন দিল্লীৰ লোধি পথত অৱস্থিত ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগত ৪০০০ৰো অধিক বৈজ্ঞানিক আৰু কর্মীয়ে কাম কৰি আছে । ইয়াৰ মুখ্য কাৰ্যালয় দিল্লী আৰু দেশৰ ভিন্ন অঞ্চলক সেৱা আগবঢ়োৱা ৬ টা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে সমন্বিতভাৱে কাম কৰি আহিছে । এই বিভাগটোৱে ১৫০ বছৰীয়া জয়ন্তী পালন কৰিছে ।

লগতে পঢ়ক :ভোগালীৰ আনন্দৰ মাজতে ৰে’লৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.