ETV Bharat / state

Tezpur Central University : তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত 49 গৰাকী শিক্ষাৰ্থীলৈ সোণৰ পদক

author img

By

Published : Dec 30, 2022, 7:48 PM IST

20th convocation of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

তেজপুৰ বিশ্ববিদ্যালয়ৰ 20 সংখ্যক সমাৱৰ্তন সমাৰোহ সম্পন্ন (20th convocation of Tezpur University) । ৪৯ গৰাকী ছাত্র-ছাত্ৰীৰ সোণৰ পদক লাভ । 1362 গৰাকীক স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে ।

20th convocation of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ১৩৬২ গৰাকী শিক্ষাৰ্থীলৈ ডিগ্ৰী

তেজপুৰ, 30 ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম্ সমাৱৰ্তন সমাৰোহৰ (20th convocation of Tezpur University) শুকুৰবাৰে শুভ উদ্বোধন কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে (Prof Jagdish Mukhi inaugurated TU convocation) । উক্ত সমাৱৰ্তনত মুঠ 1362 গৰাকী ছাত্র-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰদান কৰা হয় ।

ইয়াৰে ভিতৰত 70 গৰাকীক ডক্টৰেট ডিগ্ৰী, 873 গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী, 389 গৰাকীক ডিপ্ল'মা, 11 গৰাকীক স্নাতকোত্তৰ ডিপ্ল'মা আৰু মুঠ 45 টা বিভাগৰ 49 গৰাকী ছাত্ৰ-ছাত্ৰীক সোণৰ পদক প্ৰদান কৰা হয় । উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনৰ (Assam movement) প্ৰেক্ষাপটত 1994 চনৰ 21 জানুৱাৰীত স্থাপন হৈছিল তেজপুৰ বিশ্ববিদ্যালয় ।

20th convocation of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাৱৰ্তন অনুষ্ঠান

অসমৰ ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে (Tezpur University Chancellor Jagdish Mukhi) তেখেতৰ ভাষণত কৰ’না মহামাৰী আৰু ইয়াৰ পাছৰ অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ পলম নকৰাকৈ সময়মতে পঢ়া-শুনা সম্পন্ন কৰি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলক প্ৰশংসা কৰে । লগতে শিক্ষাৰ্থীসকলক এনে প্রত্যাহ্বানমূলক সময়ত সামূহিক স্থিতিস্থাপকতা ৰক্ষা আৰু নিষ্ঠাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

এই ব্যতিক্ৰমী কৃতিত্বৰ স্বীকৃতি স্বৰূপে তেজপুৰ বিশ্ববিদ্যালয়ে শেহতীয়াকৈ 2022 চনত চতুৰ্থ মূল্যায়ন চক্ৰৰ সময়ত NAAC-ৰ দ্বাৰা A+ গ্ৰেডৰ স্বীকৃতি লাভ কৰাৰ বাবেও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে । শুকুৰবাৰৰ সমাৱৰ্তন সমাৰোহত আদৰণী ভাষণ প্ৰদান কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন কৃতিত্ব আৰু বিগত বছৰবোৰত বিশ্ববিদ্যালয়খনে লাভ কৰা বঁটা আৰু সন্মানৰ ওপৰত আলোকপাত কৰে ।

তোজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান
তোজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান

লগতে বিশ্ববিদ্যালয়খনত শেহতীয়াকে গ্ৰহণ কৰা ফ্লেগশ্বিপ আঁচনি/বিভিন্ন পদক্ষেপ আৰু বিভিন্ন সময়ত গ্ৰহণ কৰা সামূহিক কাৰ্যসূচীৰ ওপৰতো বক্তৃতা প্ৰদান কৰে । তেওঁ অদূৰ ভৱিষ্যতে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্ৰকল্পৰ ওপৰতো বক্তব্য ৰাখে । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান মুঠ 4,587 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 74 টা একাডেমিক প্ৰ'গ্ৰেমৰ 27 টা বিভাগত অধ্যয়ন কৰি আছে । আনহাতে, মুঠ 12 খন বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে । ইয়াৰ উপৰিও 264 টা বিভিন্ন বিভাগৰ গৱেষণা বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত চলি আছে ।

20th convocation of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ ৪৯ গৰাকী শিক্ষাৰ্থীৰ সোণৰ পদক লাভ

আনহাতে, সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ বিশিষ্ট বিজ্ঞানী তথা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষ, পদ্মশ্ৰী, অধ্যাপক শংকৰ কুমাৰ পলে ডাটা বিজ্ঞানৰ ক্ষেত্ৰত শেহতীয়া গবেষণা, মেচিন ইণ্টেলিজেঞ্চ, ডীপ লাৰ্ণিং আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোকপাত কৰে ।

লগতে পঢ়ক :Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.