ETV Bharat / state

Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

author img

By

Published : Dec 30, 2022, 5:21 PM IST

Road accident in Assam
নীৰৱ ঘাতক পথ দুৰ্ঘটনা, বিগত 5বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

ৰাজ্যত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ ৰাজ্যত মানুহ অকাল মৃত্যুৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে পথ দুৰ্ঘটনা ৷ বিগত 5 বছৰত ৰাজ্যত সংঘটিত হৈছে 37774 টা পথ দুৰ্ঘটনা ৷

গুৱাহাটী, 30 ডিচেম্বৰ: পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ নৱবৰ্ষ বা বনভোজৰ সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা আৰক্ষী, পৰিবহন বিভাগ ৷ কিন্তু তাৰ পিছতো ৰাজ্যত ব্যাপকভাৱে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা (Road accident in Assam) ৷

ক্ৰমাগতভাৱে ৰাজ্যখনত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা দুৰ্ঘটনাৰ তথ্য পোহৰলৈ আহিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই পথ মন্ত্ৰালয়ে (Ministry of road transport and highway) প্ৰকাশ কৰা ‘ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়া-2021’(Road accident in India 2021) শীর্ষক প্ৰতিবেদনত ৷ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি 2017, 2018 আৰু 2020 চনতকৈ 2021 চনত দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক সংখ্যা যথেষ্ট বেছি । সেই অনুসৰি 2021 চনত 3036 গৰাকী লোকে দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছিল । 2019 চনত এই সংখ্যা আছিল 3208 গৰাকী । 2021 চনত ৰাজ্যখনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা হৈছে 7411 টা । 2020 বৰ্ষৰ তুলনাত এয়া যথেষ্ট বেছি (Accident rate increasing in Assam) ।

২০২০ বৰ্ষত ৰাজ্যত ৬৫৯৫টা দুর্ঘটনা সংঘটিত হৈছিল । প্ৰতিবেদনত প্ৰকাশিত পৰিসংখ্যা মৰ্মে 2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত অসমত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ বৃদ্ধিৰ হাৰ 15.5 শতাংশ । ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় হাৰ হৈছে 16.9 শতাংশ । এক কথাত অসমে প্ৰায় সৰ্বভাৰতীয় হাৰক স্পৰ্শ কৰিছে । ৰাজ্যখনৰ বাবে এয়া স্বাভাৱিকতে উদ্বেগজনক বিষয় । আনহাতে, দুৰ্ঘটনাৰ হাৰো 2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত 12.4 শতাংশ বৃদ্ধি হৈছে । সৰ্বভাৰতীয় হাৰ হৈছে 12.6 শতাংশ । পথ দুর্ঘটনা সংঘটিত হোৱাৰ তালিকাত অসম দেশৰ 16 নং স্থানত আছে (Assam in 16th position in road accident) ।

একেদৰে পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত অসম 18 নম্বৰ স্থানত আছে । তালিকাত যদিও অসম দেশৰ আন বহু ৰাজ্যৰ তলত আছে, কিন্তু প্ৰতিনিয়ত ৰাজ্যখনত বৃদ্ধি পোৱা পথ দুর্ঘটনাই এই স্থান চেৰ পেলাই অধিক আগলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ আন এক লক্ষণীয় দিশ হৈছে যে অসমত আটাইতকৈ বেছি দুর্ঘটনা সংঘটিত হয় গ্ৰাম্য এলেকাত (Most road accident take place in Assam in rural area) । 2021 বৰ্ষত 1283 টা দুর্ঘটনা নগৰীয়া অঞ্চলত সংঘটিত হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত 1610 টা দুর্ঘটনা সংঘটিত হৈছিল । পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ(Assam death rate in road accident) যদি সৰ্বভাৰতীয় পৰ্যায়ত পৰ্যৱেক্ষণ কৰা যায় তেন্তে প্ৰতিবেদনত অনুসৰি অসম দেশৰ ভিতৰতে পঞ্চম স্থানত আছে । ছিকিম, বিহাৰ, ছট্টিশগড় আৰু মধ্যপ্ৰদেশৰ পাছতে মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম পঞ্চম স্থানত থকা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে ।

সেইমৰ্মে অসমত 2021 চনত মৃত্যুৰ হাৰ আছিল 6.0 শতাংশ । উত্তৰ-পূৰ্বাঞ্চলৰ(Road accident in North-East India) ৰাজ্যসমূহৰ ভিতৰত পথ দুর্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম শীর্ষস্থানত আছে । তথ্য মতে 2021 বৰ্ষত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ 9754 টা পথ দুর্ঘটনা সংঘটিত হৈছিল । ইয়াৰে ভিতৰত 7411 টাই হৈছে অসমৰ । একেদৰে বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত পথ দুৰ্ঘটনাৰ ফলত 3851 গৰাকী লোকৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা লোকসকলৰ মাজৰ 3036 গৰাকী অসমৰ আছিল ।

পথ দুৰ্ঘটনাৰ ঘটনাবোৰে মন-মগজু চুই যোৱা আন এক পৰিসংখ্যালৈ যদি লক্ষ্য কৰা হয় তেন্তে দেখা যায় যে 2017 চনৰ পৰা 2021 চনৰ ভিতৰত অসমত কেৱল পথ দুৰ্ঘটনাৰ ফলত 14,622 গৰাকী লোকৰ মৃত্যু ঘটিছে । পথ দুর্ঘটনা মৃত্যুৰ অন্যতম এটা কাৰণৰূপে পৰিগণিত হৈছে ।

ৰাজ্যৰ পৰিবহণ বিভাগে (Transport department of Assam) বছৰি পথ সুৰক্ষা সপ্তাহ (Road safety week) আয়োজন কৰাৰ উপৰি আৰক্ষী-প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বাস্তৱত কোনো সুফল পৰিলক্ষিত হোৱা নাই । যাৰ বাবে কল্পনা কৰিব নোৱাৰাকৈ 14,622 গৰাকীলোকে বিগত পাঁচ বছৰত কেৱল পথ দুৰ্ঘটনাৰ ফলতে মৃত্যুক আকোঁৱালি লৈছে ।

উল্লেখ্য যে, 2017 চনৰ পৰা 2021 চনৰ ভিতৰত অসমত মুঠ 37,774 টা পথ দুর্ঘটনা সংঘটিত হৈছিল । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য মৰ্মে 2021 বৰ্ষত ভাৰতত মুঠ 4,12,432 টা দুর্ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত 1,53,972 গৰাকীলোকৰ মৃত্যু হৈছিল । একেদৰে আহত হোৱা লোকৰ সংখ্যা হৈছে 3,84,448 গৰাকী । জনসাধাৰণৰ বাবে ঘাতক হৈ পৰা পথ দুর্ঘটনা ৰোধৰ বাবে বৰ্তমানৰ চৰকাৰে কেতবোৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ।

বিগত কেইটা মাহত ধাৰাবাহিকভাৱে কেইবাটাও পথ দুর্ঘটনা সংঘটিত হোৱা আৰু ইয়াৰ ফলত বহুসংখ্যক লোকে প্ৰাণ হেৰুওৱা বাবে (Road accident causes highest death in Assam) চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সুৰাপায়ী চালকৰ বাবে অত্যন্ত কঠোৰ নীতি গ্ৰহণ কৰিছে ।

একেদৰে বনভোজৰ এই সময়ছোৱাতে বনভোজস্থলী তথা বনভোজলৈ যোৱা লোকসকলৰ ক্ষেত্ৰতো সুৰাপান নিষিদ্ধ কৰা হৈছে (Operation against drunk driving) । আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাৱে বিগত কেইদিনত চলোৱা ব্যাপক অভিযানৰ বাবে পথ দুৰ্ঘটনাৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও এই অভিযান কিমান দিনলৈ অব্যাহত থাকে সেয়া লক্ষণীয় হ’ব । একেদৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহত জধে-মধে ৰখাই থোৱা বাহনসমূহো দুৰ্ঘটনাৰ অন্যতম কাৰক হৈ পৰিছে ।

কোনো সংকেত নিদিয়াকৈ ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাক তথা আন বাহনত খুন্দা মৰাৰ ফলতো ৰাজ্যখনত বহু দুৰ্ঘটনা সংঘটিত হৈছে । উচ্চতম ন্যায়ালয়ে এনেদৰে অনৈতিকভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাহন ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও অসমৰ পৰিবহণ বিভাগে এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে বিশেষ কোনো অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে স্পষ্ট কৰিছে যে, পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাজ্য চৰকাৰে সুপৰিকল্পিত নীতিৰে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

লগতে পঢ়ক: Neonatal Death: কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যুৰ কিৰিলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.