ETV Bharat / state

Teacher Harassed Students: টিউশ্যনৰ সুযোগ লৈ দুগৰাকীকৈ ছাত্ৰীক বছৰ বছৰ ধৰি যৌন নিৰ্যাতন ইংৰাজী ছাৰৰ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 4:53 PM IST

ইংৰাজী ছাৰৰ ভয়ংকৰ কাণ্ড । দুগৰাকীকৈ ছাত্ৰীক ভয় ভাবুকিৰে যৌন নিৰ্যাতন । দুবছৰতকৈও অধিক যৌন নিৰ্যাতন চলাইছিল ছাত্ৰীক। টিউশ্যনৰ সুযোগ গ্ৰহণ কৰি যৌন নিৰ্যাতন চলোৱা শিক্ষকক ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।

Teacher Harassed Students
টিউছনৰ সুযোগ লৈ দুগৰাকীকৈ ছাত্ৰীক বছৰ বছৰ ধৰি যৌন নিৰ্যাতন ইংৰাজী ছাৰৰ

টিউছনৰ সুযোগ লৈ দুগৰাকীকৈ ছাত্ৰীক বছৰ বছৰ ধৰি যৌন নিৰ্যাতন ইংৰাজী ছাৰৰ

আমগুৰি, ২০ ছেপ্টেম্বৰ : শিক্ষকতাৰ বৃত্তিক কলংকিত কৰি এজন অৱসৰপ্ৰাপ্ত শিক্ষকে দুগৰাকীকৈ ছাত্ৰীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে । ভুক্তভোগী ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে সমাজক লজ্জানত কৰা কাৰ্যত জড়িত শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই জঘন্য ঘটনাটো শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত নামতি চাৰিআলিৰ খৰিকটীয়া আলিত সংঘটিত হৈছে ৷

প্ৰাইভেট টিউশ্যনৰ সুযোগ লৈ নিজা বাসগৃহত অকলশৰে থকা অৱস্থাত দুগৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন চলাইছিল অৱসৰপ্ৰাপ্ত ইংৰাজী বিষয়ৰ শিক্ষক আব্দুল চাত্তাৰে । এই কথা কাকো নক’বলৈ ভয় ভাবুকিৰে দুই ছাত্ৰীৰ মুখ বন্ধ কৰি ৰাখিছিল শিক্ষকগৰাকীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নামতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল চাত্তাৰে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এগৰাকী ছাত্ৰীক ইংৰাজী বিষয়ত প্ৰাইভেট টিউশ্যন লৈছিল । সেই সময়ত নাবালিকা ছাত্ৰীগৰাকীক নিজা বাসগৃহতে ঘৰত অকলশৰে থকা সময়ত প্ৰায়েই যৌন নিৰ্যাতন চলাইছিল । মুখ খুলিলেই ছাত্ৰীগৰাকী আৰু পৰিয়ালৰ লোকক শেষ কৰি দিয়াৰ ভাবুকিৰে সমগ্ৰ ঘটনা গাপ দিছিল শিক্ষকজনে ।

২০২০ চনৰ পৰা ২০২২ চনলৈকে ছাত্ৰীগৰাকীৰ সৈতে এনে কাণ্ড সংঘটিত কৰিয়েই ক্ষান্ত নাথাকি ছাত্ৰীগৰাকীৰ ভগ্নীকো ২০২৩ চনৰ পৰা জুলাই মাহৰ পৰা মাৰ্চ মাহলৈকে যৌন নিৰ্যাতন চলাই। ছাত্ৰী তথা দুয়ো ভগ্নীয়ে ভয়তে সমগ্ৰ ঘটনা লুকুৱাই ৰাখিছিল যদিও অৱশেষত পৰিয়ালৰ লোকক এই ভয়ংকৰ কাণ্ড অৱগত কৰোৱাত ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ লোকে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

নামতি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত লম্পট শিক্ষক আব্দুল চাত্তাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । শিক্ষকতাৰ দৰে মহান বৃত্তি তথা সমগ্ৰ নামতি অঞ্চলক লজ্জানত কৰা কাৰ্যত জড়িত শিক্ষকজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে পৰিয়াল তথা স্থানীয় লোকে ।

লগতে পঢ়ক: Minor rape: কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.