ETV Bharat / state

Minor rape: কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:04 PM IST

নিজ কন্যাক পিতৃয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ মাতৃয়ে ৷ পিষ্টল দেখুৱাই কন্যাৰ লগত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কৰা স্বীকাৰ কৰিছে মাতৃয়ে ৷

Minor rape
কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

জোনাই, 19 ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰত পিতৃ-কন্যাৰ সম্বন্ধক কলুষিত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ নিজ কন্যাক পিতৃয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ মাতৃয়ে ৷ পিষ্টল দেখুৱাই কন্যাৰ লগত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কৰা স্বীকাৰ কৰিছে মাতৃয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 12 ছেপ্টেম্বৰত পিতৃয়ে 13 বছৰীয়া কন্যাক পিষ্টল দেখুৱাই অসৎ অভিপ্ৰায় সিদ্ধি কৰে ৷ এই কথা কাৰোবাক ক’লে হত্যা কৰাৰো ভাবুকি দিয়ে পিতৃয়ে ৷ এই সমগ্ৰ ঘটনাৰ কথা জানিবলৈ পাৰি মাতৃয়ে প্ৰাণৰ মমতাত ভুক্তভোগী কন্যাগৰাকীক লগত লৈ গুৱাহাটীত আশ্ৰয় লয় ৷ ইয়াৰ পিচতে যোৱা 16 ছেপ্টেম্বৰত এজাহাৰ দিবলৈ কন্যাসহ মাতৃ উপস্থিত হয় দিছপুৰ থানাত।মাতৃৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰে আৰু ইতিমধ্যে দণ্ডাধীশে ষ্টেটমেণ্ট লোৱা বুলি মাতৃগৰাকীয়ে সাংবাদিকক সদৰী কৰিছে।‌

এই নিকৃষ্ট ঘটনা সংঘটিত কৰা লোকজন চিলাপথাৰ বামগাঁও নিবাসী এজন প্ৰখ্যাত ব্যৱসায়ী ৷ শিলভঙা ক্ৰেচাৰ মেচিন, ফকলেণ্ড, এক্সকেভেটৰ, ডাম্পাৰ আদি অলেখ যান বাহন আৰু সা-সম্পত্তিৰ গৰাকী এইজন ব্যৱসায়ী । তেওঁৰ লগত 24 ঘন্টাই ৰাখে এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল।

এটা দশকৰ পূৰ্বে চিলাপথাৰত দৰিদ্ৰ জীৱন যাপন কৰা এইজন লোকে কোনো আল্লাউদিনৰ চাকি লাভ কৰি কোটিপতি হ'ল বুলি স্থানীয় ৰাইজে মত পোষণ কৰে । পিষ্টল দেখুৱাই ছলে বলে বেপাৰ বঢ়োৱা এইজন লোকে মূৰকত নিজা ঔৰসজাত নাবালিকাকো ৰেহাই নিদিলে। পিষ্টলেৰে প্ৰাণ নাশৰ ভয় ভাবুকি দি দুষ্কাৰ্য সংঘটিত কৰা বুলি খোদ তেওঁৰ পত্নীয়ে ভাষ্য দিয়ে ।

ধন আৰু বাহুবলৰ জোৰত সমগ্ৰ ঘটনাটো গাপ দি ৰাখিবলৈ চেষ্টা কৰিছিল লোকজনে । এজাহাৰ দিয়াৰ পিচতেই গোচৰ পঞ্জীয়ন হোৱাত প্ৰাণৰ মমতাত গুৱাহাটীত আশ্ৰয় লয়হি মহিলাগৰাকীসহ কন্যাই ৷ ইফালে মহিলাগৰাকীয়ে সকলো ব্যক্ত কৰাৰ পিচতো ধনৰ জোৰত আৰক্ষী, প্ৰশাসনৰ পৰা সাংবাদিকলৈকে মেনেজ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷ ফলত আজিও মুকলি আকাশৰ তলত অভিযুক্ত পিতৃ নিৰ্ভয়ে ঘূৰি আছে বুলি মহিলাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Gold Smuggler arrested : গুৱাহাটীত চোৰাং সোণসহ গ্ৰেপ্তাৰ মহিলাকে ধৰি চাৰিজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.