ETV Bharat / state

Sivsagar police strict on drink and drive : নৱবৰ্ষক লৈ সস্তম শিৱসাগৰ আৰক্ষী

author img

By

Published : Dec 30, 2021, 9:35 PM IST

Sivsagar police strict on drink and drive
নৱবৰ্ষক লৈ সস্তম শিৱসাগৰ আৰক্ষী

যান-বাহন চলাচল আইন উলংঘাকাৰীৰ বিৰুদ্ধে সস্তম হৈছে শিৱসাগৰ আৰক্ষী (Traffic rules violation in Sivsagar) ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, বিগত ২৫ ডিচেম্বৰৰ পৰাই ধাৰাবাহিকভাৱে শিৱসাগৰ আৰক্ষীয়ে যান-বাহন চলাচল আইন উলংঘাকাৰীৰ বিৰুদ্ধে চলাই গৈছে অভিযান (Sivsagar police strict on drink and drive) ৷

শিৱসাগৰ, 30 ডিচেম্বৰ : আগন্তুক নৱবৰ্ষক লৈ সস্তম হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীৰ লোকক ৷ বাদ পৰি ৰোৱা নাই শিৱসাগৰ আৰক্ষীও (Sivsagar police strict on drink and drive) ৷

আগন্তুক নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাৱে প্ৰতিদিনে চলাই গৈছে অভিযান । এই অভিযান কালত আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি যান-বাহন চালকসকলে মদ্যপান সেৱন কৰি বাহন চলাইছে নেকি, সেই কথা পৰীক্ষা কৰিছে ।

একেদৰে বিভাগৰটোৱে হেলমেট নিপিন্ধা তথা অন্য পৰিবহণ আইন উলংঘা কৰা সকলৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Traffic rules violation in Sivsagar) ৷

নৱবৰ্ষক লৈ সস্তম শিৱসাগৰ আৰক্ষী

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন স্থানত ২৫ ডিচেম্বৰৰ পৰাই ধাৰাবাহিকভাৱে চলাই গৈছে অভিযান শিৱসাগৰ আৰক্ষীয়ে (Assam intensifies drive against drunk driving) ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজতো পথ সজাগতা ক্ৰমশঃ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি কৰা পৰীক্ষাত শিৱসাগৰ জিলাত বুধবাৰে নিশালৈ মাত্ৰ তিনি জন চালকে সুৰা পান কৰি বাহন চলোৱাৰ প্ৰমাণ পাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Dibrugarh SP pressmeet : আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ

ইফালে অভিযানকাৰী দলসমূহে গাড়ীত চিটবেল্টৰ ব্যৱহাৰ আৰু দুচকীয়া বাহনত চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিছেনে নাই (Sivsagar Police strictly implement helmet rules), সেই সন্দৰ্ভতো তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷ যদিহে কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰিছে, তেন্তে তাৎক্ষণিক ভাৱে জৰিমনা আদায় কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷

মদ্যপান কৰি গাড়ী চলালে মটৰ যানবাহন এক্ট (সংশোধনী) ২০১৯ ৰ ১৮৫ নং ধাৰাৰ অধীনত ১০,০০০ টকাকৈ জৰিমনা আৰু ১৯৪ ডি ধাৰাৰ অধীনত দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা বিহিছে শিৱসাগৰ আৰক্ষীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সগৰি কৰে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : গোলাঘাট আৰক্ষীয়ে আইন উলংঘনকাৰীক জনালে সম্বৰ্ধনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.