ETV Bharat / city

Dibrugarh SP pressmeet : আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ

author img

By

Published : Dec 30, 2021, 4:24 PM IST

Updated : Dec 30, 2021, 5:04 PM IST

Dibrugarh SP pressmeet
Dibrugarh SP pressmeet

আছু আৰু ডিব্ৰুগড় আৰক্ষীৰ মাজত সংঘটিত হৈ থকা তীব্ৰ সংঘাতৰ (Clash betwwen Dibrugarh police And AASU) পিছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ৷ আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষকৰ ৷

মৰাণ, 30 ডিচেম্বৰ : ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পিছতে আছু আৰু ডিব্ৰুগড় আৰক্ষীৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ পিছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (SP Shwetank Mishra on AASU incident)। বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সংবাদমেলত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয় যে, বিগত সাতদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে আৰক্ষীৰ বিৰুদ্ধে যি অভিযোগ আনিছে, সেইয়া সম্পূৰ্ণ মিছা ।

তেওঁ কয় যে, আৰক্ষীয়ে কেৱল আইনৰ গণ্ডীতহে কাম কৰিছে । শ্বহীদৰ প্ৰতি আৰক্ষীয়ে অপমান কৰা নাই । শ্বহীদক সন্মান কৰিবলৈ আৰক্ষীৰ লোকে ভালদৰে জানে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে । ইয়াৰ লগতে আছুৱে অভিযোগ কৰা অনুসৰি আছুৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে কম্পিউটাৰৰ হাৰ্ড ডিস্ক চুৰ কৰাতোও মিছা অভিযোগ বুলি উল্লেখ কৰে তেওঁ (Shwetank Mishra comments on AASU's allegation)। আৰক্ষীয়ে হাৰ্ড ডিস্ক লাভ কৰিলে সকলো ঘটনা স্পষ্টহে হ'ব আৰু সংবাদ মাধ্যমতো সকলো কথা জনাব পাৰিব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ।

আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ

এই সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, যোৱা 24 ডিচেম্বৰত ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ সংঘাতৰ সৃষ্টি হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত (AASU ACP clash in Dibrugarh) ৷ এই ঘটনাই পিচত হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণত কেইবাজনো ছাত্ৰ আহত হয় ৷ তাৰ পাচতেই আৰক্ষীয়ে ডিব্ৰুগড়স্থিত আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আটক কৰে 15 জনকৈ আছুৰ সদস্য়ক ৷ ইয়াৰে 5 জনক জেললৈও প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : দিছপুৰক সকীয়নি সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ; আৰক্ষীৰ অত্যাচাৰী শাসন মানি লোৱা নহ'ব

এই ঘটনাৰ পাচতে ৰাজ্যজুৰি ক্ষোভত জ্বলিছে আছু ৷ শ্বহীদ ভৱনত অনাধিকাৰ আৰক্ষীৰ প্ৰৱেশ আৰু ছাত্ৰসন্থাৰ সদস্যৰ বৰ্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগত আছুৱে বন্ধৰ আহ্বান জনোৱাৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে (AASU protest across Assam) ৷ ছাত্ৰসন্থাৰ কৰ্মীৰ পিঠিত পৰা প্ৰতিটো কোবৰ মূল্য দিব লাগিব বুলি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সকীয়াই দিছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

তাৰোপৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি দীপাংক কুমাৰ নাথকে আদি কৰি শীৰ্ষ নেতৃত্বৰ লগতে সংগঠনটোৰ সমূহ সদস্যই দাবী জনাইছে বিনাচৰ্তে আটকাধীন আছু সদস্যক মুকলি কৰি দিয়াৰ ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : AASU stages state wide protests: ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

Last Updated :Dec 30, 2021, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.