দিছপুৰক সকীয়নি সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ; আৰক্ষীৰ অত্যাচাৰী শাসন মানি লোৱা নহ'ব

By

Published : Dec 29, 2021, 9:17 PM IST

thumbnail

আছুৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড় (AASU protest in Dibrugarh)। মঙলবাৰে ডিব্ৰুগড়ত আছুৱে ন্যায়ৰ দাবীত কৰা আন্দোলনত সহযোগ কৰিবলৈ উপস্থিত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (Samujjal Bhattacharya in AASU protest )। ডিব্ৰুগড়ৰ পৰাই দিছপুৰক সকীয়নী ড৹ সমুজ্জ্বল ভট্টাচাৰ্যৰ । "আৰক্ষীৰ বৰ্বৰতা, অত্যাচাৰী শাসন মানি লোৱা নহ'ব । ডিব্ৰুগড় আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষক গৰাকীয়ে আছু কৰ্মী সকলক মাৰপিট কৰি আটক কৰা ঘটনাটোৱে প্ৰমাণ কৰিছে এতিয়া অত্যাচাৰীৰ শাসন চলিছে’’ ৷ ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত পৰা প্ৰতিটো কোবৰ হিচাপ অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে দিব লাগিব বুলি কয় মুখ্য উপদেষ্টা গৰাকীয়ে (AASU warns Assam government for Dibrugarh incident)। লগতে কয় যে, ‘‘আৰক্ষীৰ এই অত্যাচাৰ আমি মানি নলওঁ আৰু দোষীক শাস্তি নিদিয়া পৰ্যন্ত ক্ষান্ত নহয় সদৌ অসম ছাত্ৰ সন্থা"। বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মী সকলক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.