ETV Bharat / city

AASU stages state wide protests: ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

author img

By

Published : Dec 29, 2021, 8:07 PM IST

AASU protest in Assam
ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা(Dibrugarh Police SP Shwetank Mishra) আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা ৷ আছুৰ সদস্যক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ (AASU stages state wide protests against alleged Dibrugarh police atrocities) ৷

নিউজ ডেস্ক, 29 ডিচেম্বৰ : ডিব্ৰুগড়ৰ আছু সদস্য গ্ৰেপ্তাৰৰ ঘটনাক লৈ ৰাজ্যজুৰি ক্ষোভত জ্বলিছে ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী সকল (AASU protest across Assam) ৷ ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা 24 ডিচেম্বৰত কাজিয়াৰ সূত্ৰপাত হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত (College election clash between AASU and ACP) ৷ তাৰ পাচতে হতা-হতি লাগে দুয়োপক্ষৰ মাজত ৷ এই ঘটনাত দুয়োটা সংগঠনৰে সদস্য আঘাতপ্ৰাপ্ত হয় ৷ অসম ছাত্ৰ পৰিষদে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ আহে আছুৰ সদস্য়ক ৷

ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আৰক্ষীয়ে আছুৰ সদস্যৰ ওপৰত নিৰ্যাতন চলোৱাৰ লগতে শ্বহীদ বেদীত জোতা পিন্ধি ভৰি থোৱা বুলি অভিযোগ তুলিছে আছু নেতৃত্বই ৷ এইদৰে শ্বহীদ ভৱনত আৰক্ষী প্ৰৱেশ কৰি আছুৰ সদস্যক প্ৰহাৰ কৰা ঘটনা অসমৰ ইতিহাসতে নজিৰবিহীন বুলি দাবী কৰিছে আছুৰ শীৰ্ষ নেতৃত্বই ৷

AASU protest in Assam
ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা(Dibrugarh Police SP Shwetank Mishra) আৰু তেওঁৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে প্ৰায় 15 গৰাকী আছুৰ সদস্যক আটক কৰে ৷ ইয়াৰে পাঁচজনক ইতিমধ্যে জেল হজোতলৈও প্ৰেৰণ কৰা হৈছে (AASU workers sent to jail in Dibrugarh)৷ কিন্তু শ্বহীদ ভৱনত অনাধিকাৰ প্ৰৱেশ তথা শ্বহীদবেদীক অপমান আৰু আছুৰ সদস্যক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৱে বিগত তিনিদিন ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

ইফালে আছুৰ সদস্যক কৰা আক্ৰমণৰ হিচাপ দিব লাগিব বুলিও সকীয়নি প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই (AASU Chief advisor Samujjal Bhattacharya on Dibrugarh incident) ৷ লগতে বিজেপি চৰকাৰৰ পৃষ্ঠপোষতাত অসম আৰক্ষী অধিক স্বৈৰাচাৰী হৈ উঠা বুলিও উল্লেখ কৰে মুখ্য উপদেষ্টা গৰাকীয়ে ৷ অতিশীঘ্ৰে আছুৰ সদস্য সকলক মুকলি কৰি দিয়াৰ লগতে শ্বহীদ বেদীক কৰা অপমানৰ বাবে আৰক্ষীক ক্ষমা খুজিবলৈও দাবী জনাই আছুৰ নেতৃত্বই ৷

AASU protest in Assam
ৰাজ্যজুৰি ক্ষোভত জ্বলিছে আছু

বুধবাৰে এই ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি দেখা গ’ল আছুৰ প্ৰতিবাদী কাৰ্যসূচী (AASU stages state wide protests against alleged Dibrugarh police atrocities)৷ কি উজনি কি নামনি ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ দুয়োপাৰৰ আছু কৰ্মী সকলে জিলাই জিলাই প্ৰতিবাদ জনাই আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৷ দৰঙ জিলাৰ মঙলদৈতো মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে মঙলদৈ ৰাজপথ উত্তাল কৰি তোলে আছুৰ সদস্য সকলে ।

একেদৰে ডিব্ৰুগড়তো আছুৰ বিশাল বিক্ষোভ কাৰ্যসূচী । ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই আছুৰ শ্বহীদ ভৱনক অপমান কৰা আৰু অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ । ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত আৰক্ষী অধীক্ষকজনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্যসকলে । প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ অংশগ্ৰহণ । দুলীয়াজানত হ'বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত বাধা দিয়াৰ হুংকাৰ আছু নেতৃত্বতৰ ।

AASU protest in Assam
ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সদৌ অসম ছাত্ৰ সন্থা

ইফালে যোৰহাট, বোকাখাত, সৰুপথাৰ, গোলাঘাট, লখিমপুৰ, মাজুলী, বিশ্বনাথ আদিতো দেখা গৈছে আছু কৰ্মীৰ বিক্ষোভ ৷ একেমুখে সকলোৱে গৰিহণা দিছে ডিব্ৰুগড় আৰক্ষীৰ এই কাৰ্যক ৷ তাৰোপৰি আছু সদস্যকেইজনক বিনাচৰ্তে মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰিছে আছুৰ বিভিন্ন জিলা সমিতিয়ে ৷ হোজাই জিলাতো দেখা গ’ল একেই পৰিৱেশ ৷ ডিব্ৰুগড়ৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল বহু সংখ্যক আছু কৰ্মী ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় আছু কৰ্মী সকলে ৷

আছুৰ বিক্ষোভৰ জুই জ্বলিছে গুৱাহাটীতো ৷ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ মহানগৰ প্ৰায় শতাধিক আছুকর্মীৰ । মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ । একেদৰে নলবাৰীতো প্ৰতিবাদত বহিল আছুৰ নেতা-কৰ্মী ৷ ছাত্ৰসন্থাৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ দিব লাগিব বুলি দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.