ETV Bharat / state

Constituency delimitation final list: আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

author img

By

Published : Aug 13, 2023, 12:14 PM IST

ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা তালিকাত আমগুৰি সমষ্টিৰ নাম নথকাত ক্ষুব্ধ হৈ পৰিছে আমগুৰিবাসী ৷ বিধায়ক প্ৰদীপ হাজৰিকাই অগপ দলৰ পৰা পদত্যাগ কৰাৰ পিছতেই আমগুৰি অগপই সমূহীয়াভাৱে অগপ দলৰ পৰা পদত্যাগ কৰে ।

Constituency delimitation final list
আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

আমগুৰি, 13 আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত আমগুৰি সমষ্টিৰ নাম কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহে দেখা দিছে । বিধায়ক প্ৰদীপ হাজৰিকাই অগপ দলৰ পৰা পদত্যাগ কৰাৰ পিছতেই আমগুৰি অগপই সমূহীয়াভাৱে অগপ দলৰ পৰা পদত্যাগ কৰে । অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলি অভিযোগ তুলি আমগুৰি অগপৰ তৃণমুল কৰ্মীসকল সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

Constituency delimitation final list
আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

1951 চনতে প্ৰতিষ্ঠা কৰা আমগুৰি সমষ্টিৰ নাম কৰ্তনৰ পিছতেই আমগুৰিত আঞ্চলিকতাবাদৰ ভেঁটি একপ্ৰকাৰ উচন হোৱাৰ উপক্ৰম হৈছে ।আঞ্চলিকতাবাদৰ ধ্বজাবাহক আমগুৰি সমষ্টি বিলুপ্তিৰ পিছতেই শনিবাৰে বিধায়ক প্ৰদীপ হাজৰিকাই পদত্যাগ কৰিছে । অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ আৰু সমূহ সাংগঠনিক বিষয়বাব আৰু দায়িত্বৰপৰা অব্যাহতি বিচাৰি পদত্যাগ কৰা বুলি বিধায়ক প্ৰদীপ হাজৰিকাই অগপৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

Constituency delimitation final list
আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই আমগুৰি অগপত বিদ্ৰোহ

পদত্যাগ পত্ৰত আমগুৰি সমষ্টি উজনি অসমৰ প্ৰায় 99 শতাংশ খিলঞ্জীয়া বসতিপ্ৰধান সমষ্টি বুলি উল্লেখ কৰি 1985 চনৰে পৰা চাৰি দশক জুৰি প্ৰতিনিধিত্ব কৰা আমগুৰি সমষ্টি বিধায়ক হাজৰিকাৰ ৰাজনৈতিক জীৱনৰ কঠিয়াতলি বুলি প্ৰকাশ কৰিছে । আমগুৰি সমষ্টি ৰক্ষাত বিধায়ক হাজৰিকা চূড়ান্তভাৱে ব্যৰ্থ হোৱাত সমষ্টিবাসীয়ে ধিক্কাৰ দিয়াত আৰু নীৰৱ দৰ্শকৰ ভুমিকা লোৱাৰ অভিযোগ উঠাত অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ আৰু সমূহ সাংগঠনিক বিষয়বাব আৰু দায়িত্বৰপৰা অব্যাহতি বিচাৰি পদত্যাগ কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ।

অগপ দলৰ জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফল হোৱা বুলি নৈতিক দায়িত্ব মূৰ পাতি লৈ তৎকালে বলবৎ হোৱাকৈ বিধায়ক হাজৰিকাই অব্যাহতি বিচাৰি পদত্যাগ কৰা বুলি অগপৰ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.