ETV Bharat / state

Durga Puja in Sivasagar:দেৱী দ'লত ২৯০ বছৰীয়া দুৰ্গা পূজাৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 5:18 PM IST

Durga Puja in  Assam
শিৱ দ'ল উন্নয়ন সমিতি

শিৱ দ'লত আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে দুৰ্গা পূজা । দ'ল উন্নয়ন সমিতিৰ সভাপতিয়ে এক সংবাদমেলত এইবিষয়ে সদৰি কৰিছে ।

শিৱ দ'ল উন্নয়ন সমিতি

শিৱসাগৰ, ১৮ অক্টোবৰ : শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ২৯০ বছৰীয়া দুৰ্গা পূজা । শিৱসাগৰ দ'ল উন্নয়ন‌ পৰিষদৰ উদ্যোগত ঐতিহাসিক দেৱী দ'লত এইবাৰ আয়োজন কৰা পূজা সন্দৰ্ভত আজি দ'ল উন্নয়ন পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত দ'ল উন্নয়ন সমিতিৰ সভাপতি বসন্ত গগৈয়ে দেৱী দ'লত দেৱী দুৰ্গাৰ স্থায়ী মূৰ্তিৰ কাষতেই দেৱীৰ মৃণ্ময় মূৰ্তিস্থাপন কৰা হ'ব বুলি উল্লেখ কৰি শিৱসাগৰৰ আন আন স্থানৰ দুৰ্গা পূজা মণ্ডপত মৃণ্ময় প্ৰতিমা স্থাপনৰ পূৰ্বেই দেৱী দ'লত মৃণ্ময় প্ৰতিমা স্থাপন কৰা হ'ব বুলি কয় ।

আজিৰ সংবাদ মেলত এই অনুষ্ঠান দ'লৰ বাহিৰত আড়ম্বৰপূৰ্ণ ভাৱে সম্পন্ন কৰা হ'ব বুলি কৰ্তৃপক্ষই সদৰী কৰে । ইফালে, দৌল চৌহদৰ ভিতৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজিত দেৱী দলৰ ২৯০ বছৰীয়া ৰাজ্য খনৰ ভিতৰৰে অন্যতম পুৰণি পূজাক লৈ এইবাৰ শিৱ দ'ল উন্নয়ন সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ধৰ্মপ্ৰাণ ৰাইজৰ বিশেষ আকৰ্ষণ থকা পূজাত সকলো ৰাইজৰ সুবিধাৰ্থে দ'লৰ সন্মুখত মণ্ডপ-মঞ্চ নিৰ্মাণেৰে নেগেৰা প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি দ'ল উন্নয়ন সমিতিৰ সভাপত বসন্ত গগৈ ।

দ'ল উন্নয়ন সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয় যে দেৱী দলৰ পূজা ভাগৰ মাহাত্ম্য অনুসৰি আন‌ পূজা মণ্ডপৰ প্ৰতিমা সমূহ দশমীৰ দিনা বিসৰ্জন দিয়াৰ পূৰ্বে দেৱী দ'লৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰণি পৰম্পৰা আজিও অব্যাহত আছে । স্মৰ্তব্য যে বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনতেই সুদুৰ কনৌজৰ শাক্ত ধৰ্মৰ নীতি সমূহ পালনৰ বাবে আহিছিল প্ৰখ্যাত বৰঠাকুৰ পৰিয়ালৰ উপৰিপুৰুষ সকলে । এই পৰিয়ালৰ লোকসকলে দ'লত যুগ যুগ ধৰি পূজা অৰ্চনা কৰি আহিছে । তেওঁলোকৰে পৰিয়ালৰ এটা ফৈদে পূজাৰ বাবে ভক্ত সকলে আগবঢ়োৱা 'বলি'ৰ দায়িত্ব গ্ৰহণ কৰা বাবে 'বলিকটিয়া' নামেৰেও বিখ্যাত হৈ পৰিছিল ।

দেৱীৰ পূজা অৰ্চনাৰ সমান্তৰালভাৱে বলি বিধানৰ দায়িত্বও এই পুৰণি পৰিয়ালটোৱে আজিও সম্পাদন কৰি আহিছে । দুৰ্গা পূজাৰ সপ্তমীৰ দিনা সৰু বলি আৰু অষ্টমীৰ দিনা বৰ বলি দিয়া হয়। এই বলি বিধানৰ বাবে ঐতিহাসিক দেৱী দ'লৰ কাষত সাজু কৰি তোলা হৈছে বিশাল বলিশাল। বিগত বৰ্ষৰ দৰে এইবাৰো দেৱী দ'লৰ পুৰোহিতেই এই বলি বিধান কাৰ্য সম্পাদন কৰিব । দেৱী দুৰ্গাৰ সন্তুষ্টিৰ বাবে ভক্ত সকলে কোমোৰা,হাঁহ আৰু ছাগলী বলি দি আহিছে ।

আনহাতে, ২৯০ বছৰীয়া এই দেৱী পূজাৰ সৈতে আন এক পৰম্পৰা জড়িত হৈ আছে । আহোম যুগত পূজাৰ সময়ত "নেগেৰা" বাদ্য বজোৱাৰ দায়িত্ব পালন কৰিছিল শিৱসাগৰৰ মুছলমান দৌল্লা পৰিয়ালে। এই মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়ালে সুদীৰ্ঘ কাল নেগেৰা বাদ্য বজোৱাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে তাহানিৰে পৰা পূজাৰ অষ্টমীৰ দিনা দৌল্লা পৰিয়াললৈ এটা ছাগলী আৰু নৈবেদ্য আগবঢ়োৱাটো এক নিয়ম হৈ আহিছে । তেনেদৰে শিৱসাগৰৰ বৰপাত্ৰগোঁহাই পৰিয়াললৈ নৈবেদ্য আগবঢ়াৱাই অহা হৈছে ।

লগতে পঢ়ক:Durga Puja 2023:জোনাইত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.