ETV Bharat / state

উপ-নিৰ্বাচনঃ থাওৰাত ই ভি এমসহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-প'লিং বিষয়া

author img

By

Published : Oct 29, 2021, 5:10 PM IST

Preparation for by election in Thowra
ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং, প'লিং বিষয়া

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে । থাওৰা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে প্ৰিজাইডিং-প'লিং বিষয়া । সমষ্টিটোৰ ১৭৩টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দান কৰিব ১,১৫,৯৭১ গৰাকী ভোটাৰে ।

শিৱসাগৰ, ২৯ অক্টোবৰ: শনিবাৰে ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰস্তুতি চলাইছে প্ৰশাসনে । আন আন সমষ্টিৰ সমান্তৰালকৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও সাজু হৈছে জিলা প্ৰশাসন । ইতিমধ্যে, প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ই ভি এম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ।

১,১৫,৯৭১ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া সমষ্টিটোত স্থাপন কৰা হৈছে ১৭৩টা ভোটগ্ৰহণ কেন্দ্ৰ । এইসমূহ কেন্দ্ৰত ১৮ গৰাকী ছেক্টৰ বিষয়াৰ তত্বাৱধানত ৭৯৬ গৰাকী বিষয়াই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব । এই সকল প্ৰিজাইডিং আৰু প'লিং বিষয়াই শুকুৰবাৰে নিৰ্বাচনৰ কেন্দ্ৰৰূপে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰংৰুমৰ পৰা ইভিএমবোৰ লৈ যাত্ৰা আৰম্ভ কৰিছে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ । আজি দুপৰীয়াৰ ভিতৰত সকলো বিষয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ।

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং, প'লিং বিষয়া

আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ সুৰক্ষাৰ দিশটো অধিক কটকটীয়া কৰিছে আৰক্ষী-প্ৰশাসনে ।

আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ প্ৰায় ৮০০ জোৱান থাওৰা সমষ্টিৰ ১৭৩ ভোটগ্ৰহণ কেন্দ্ৰত মোতায়েন কৰা হৈছে । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিব একোজনকৈ আৰক্ষী আৰু গৃহৰক্ষী জোৱান । লগতে মোতায়েন কৰা হ'ব চিআৰপিএফৰ জোৱান ।

উল্লেখ্য যে, শনিবাৰে ৰাজ্যৰ মুঠ ১,১৭৬টা ভােট গ্রহণ কেন্দ্ৰত ভোটদান কৰিব ভোটাৰে । মুঠ ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ, ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ইয়াৰ উপৰিও ছাৰ্ভিছ ভােটাৰ আছে ৩,১৬৫ গৰাকী ।

লগতে পঢ়ক:৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.