ETV Bharat / state

৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য

author img

By

Published : Oct 29, 2021, 12:03 PM IST

উপ-নির্বাচন(By election)ৰ বাবে সাজু নির্বাচন আয়ােগ । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত ৪৩,২২৯ গৰাকী নতুন ভোটাৰ । ১,১৭৬টা ভােটগ্রহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা । প্রতিটো ভােটকেন্দ্র স্থাপন কৰা স্থানত থাকিব চি আৰ পি এফৰ জোৱান । উপ-নির্বাচনত নিয়োগ কৰা হ'ব মুঠ ৫,৪১০ গৰাকী ভােটগ্রহণ বিষয়া । দিব্যাংগসকলৰ যাতায়াতৰ বাবে বিশেষ মােবাইল এপ্লিকেশ্যন ।

7,97,456 voters to decide fate of 31 candidates
উপ নির্বাচনৰ বাবে সাজু নির্বাচন আয়ােগ

গুৱাহাটী, ২৯ অক্টোবৰ: মাজত মাথোঁ কেইঘণ্টামান বাকী । ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব উপ-নির্বাচন । এই উপ-নিৰ্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নির্বাচন আয়ােগ । অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েৰ নেতৃত্বত বিভাগীয় প্রতিটো শাখাই এই ক্ষেত্রত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

আইন-শৃংখলা, ব্যয় আদি সকলাে দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে আৰক্ষী আৰু ব্যয় পর্যবেক্ষক নিয়ােগ কৰা হৈছে । ফলপ্রসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্বাচন আয়ােগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়াই ভােট গ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযােগ কৰিছে । উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনৰ ৫ টা সমষ্টিৰ সৰ্বমুঠ ১,১৭৬টা ভােট গ্রহণ কেন্দ্ৰৰ প্ৰতিটোতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত গােঁসাইগাঁৱত ২৮৫ টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নীত ১৮৩টা আৰু থাওৰা সমষ্টিত ১৭৩টা ভােটগ্রহণ কেন্দ্র আছে ।

7,97,456 voters to decide fate of 31 candidates
উপ নির্বাচনৰ বাবে সাজু নির্বাচন আয়ােগ

ইয়াৰে ৯৮৯টা মূল ভােট কেন্দ্ৰ আৰু ১৮৭টা সহযােগী ভােট কেন্দ্র । ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভােটকেন্দ্রসমূহৰ ভােট গ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়ােগৰ কাৰ্যালয়ৰ পৰা পােনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব ।

তদুপৰি ভােটকেন্দ্রসমূহৰ সুৰক্ষাৰ বাবে প্রতিটো ভােটকেন্দ্র স্থাপন কৰা স্থানত কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ জোৱানৰ গােট মােতায়েনৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, প্রতিটো ভােটকেন্দ্রতে ক'ভিড প্ৰটক'ল মানি চলাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে । প্ৰতিটো ভােটকেন্দ্রতে ভােটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ বাবে ব্যৱস্থা লােৱাৰ উপৰিও মাস্ক, চেনিটাইজাৰ আদি উপলব্ধ কৰি সকলাে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, উপ-নির্বাচনত মুঠ ৫,৪১০ গৰাকী ভােটগ্রহণ বিষয়া নিয়ােগ কৰা হ'ব ।

7,97,456 voters to decide fate of 31 candidates
উপ নির্বাচনৰ বাবে সাজু নির্বাচন আয়ােগ

আনহাতে, ভােটগ্রহণৰ বাবে ১৮৬৯টা বেলট ইউনিট, ১৮৪৪টা কন্ট্রোল ইউনিট আৰু ১৮৬১টা ভিভিপিএটি মেচিন সাজু কৰি তােলা হৈছে । আনহাতে, উপ-নির্বাচনত পাঁচোটা সমষ্টি মিলি মুঠ ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে তেওঁলােকৰ ভােটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ, ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ইয়াৰ উপৰিও ৩,১৬৫ গৰাকী ছাৰ্ভিছ ভােটাৰ আছে ।

ইফালে, ভােট গ্রহণ হ'বলগীয়া সমষ্টি কেইটাৰ ভিতৰত ২,১৭,৪৩২ গৰাকী ভােটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১ গৰাকী ভােটদাতা আছে । চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যােৱা বৰ্ষৰ ১৮ নৱেম্বৰপৰা আৰম্ভ হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ যােগে ৮ অক্টোবৰলৈ এইবাৰৰ ভােটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভােটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে ।

7,97,456 voters to decide fate of 31 candidates
উপ নির্বাচনৰ বাবে সাজু নির্বাচন আয়ােগ

উপ-নির্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভােটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব । উল্লেখ্য যে, গােঁসাইগাঁও সমষ্টিত আঠগৰাকী, ভৱানীপুৰত আঠগৰাকী, তামুলপুৰত ছয়গৰাকী, মৰিয়নীত চাৰিগৰাকী আৰু থাওৰা সমষ্টিত পাঁচগৰাকী মিলি মুঠ ৩১ গৰাকী প্রার্থীয়ে ৫টা সমষ্টিৰ বাবে ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব ।

ইফালে, ভােটদানৰ বাবে দিব্যাংগসকলৰ সহায়ক হােৱাকৈ আন এটা এণ্ডৰইড ভিত্তিক মােবাইল এপ্লিকেশ্যন প্রস্তুত কৰি উলিওৱা হৈছে । "Divyaang Sarathi Nirvachan" শীর্ষক এই এপ্লিকেশ্যন ব্যৱহাৰ কৰি দিব্যাংগসকলে ভােটদানৰ বাবে ভােটকেন্দ্ৰলৈ অহা-যােৱা কৰিবলৈ বাহনৰ বাবে অনলাইন আবেদন জনাব পাৰিব । এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভােটদান সুনিশ্চিত কৰিবলৈ অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলােৰে প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক:গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.