ETV Bharat / state

Painting with embers and tea leaves: এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰা চিত্ৰশিল্পীগৰাকী

author img

By

Published : Jan 3, 2023, 2:27 PM IST

Painting with embers and tea leaves
এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰা চিত্ৰশিল্পীগৰাকী

এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰি প্ৰশংসিত হ’ল আমগুৰিৰ এগৰাকী চিত্ৰশিল্পী ৷ প্ৰতিভাৱান যুৱকজনৰ নাম হ’ল চাৰিং কাকতি গাঁৱৰ নৱজ্যোতি কাকতি (painting with embers and tea leaves by Nabajyoti)

এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰা চিত্ৰশিল্পীগৰাকী

আমগুৰি, ২ জানুৱাৰী: একাগ্ৰতা তথা চিন্তাশক্তিৰ বলত যিকোনো অসাধ্য সাধন হৈ উঠে ৷ কলাকাৰ অথবা শিল্পী এগৰাকীয়ে যিকোনো নিৰ্জীৱ পদাৰ্থক ইচ্ছানুযায়ী তথা চিন্তাশক্তিৰ বলত কৰি তুলিব পাৰে প্ৰাণৱন্ত ৷ গছৰ পাত, ডাল আদিত ৰাজ্যৰ বিভিন্ন শিল্পীয়ে চিত্ৰ অংকণেৰে সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে এইবাৰ ব্যতিক্ৰমী কলাশৈলীৰে পুনৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আন এক প্ৰতিভাই ৷ ৰং-তুলিকাৰ বিপৰীতে এঙাৰ আৰু চাহপাতেৰে ছবি অংকণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চাৰিং কাকতি গাঁৱৰ এজন প্ৰতিভাৱান যুৱকে ৷ প্ৰতিভাৱান যুৱকজনৰ নাম নৱজ্যোতি কাকতি (painting with embers and tea leaves by Nabajyoti) ৷

সৰুৰে পৰাই চিত্ৰাংকনৰ প্ৰতি নৱজ্যোতিৰ আছিল দুৰ্বাৰ আকৰ্ষণ ৷ চিত্ৰাংকনৰ প্ৰতি আকৰ্ষিত হোৱা নৱজ্যোতিয়ে গ্ৰহণ কৰিছিল তিনিমহীয়া প্ৰশিক্ষণ । ইয়াৰ পাছৰে পৰাই যুৱকজনে নিজৰ সৃজনীশীল প্ৰতিভাৰে এঙাৰ ,চাহ আদিৰে অংকন কৰিবলৈ ল’লে এখনৰ পাছত আন এখন বিশ্ববিশ্ৰুত শিল্পীৰ ছবি ৷ ক্ৰমান্বয়ে এই ৰাপ বৃদ্ধি পোৱাত নৱজ্যোতিৰ প্ৰতিভা বিয়পি পৰিল গাঁৱৰ চুকে-কোণে (painting with embers and tea leaves by sivsagar boy)৷

Painting with embers and tea leaves
এঙাৰ আৰু চাহপাতেৰে ছবি অংকন কৰা চিত্ৰশিল্পীগৰাকী

নৱজ্যোতিৰ প্ৰতিভা বিয়পি পৰাৰ পাছতে বিভিন্নজনৰ পৰা লাভ কৰা অনুপ্ৰেৰণাই চিত্ৰকৰ্মত অধিক মনোনিৱেশ কৰিবলৈ চিত্ৰশিল্পীগৰাকীক উৎসাহিত কৰে আৰু নৱজ্যোতিয়ে এঙাৰ, চাহ আদিৰে আঁকি গ’ল এখনৰ পাছত আনখন ছবি ৷ ফুটবল জগতৰ তাৰকাৰ পৰা বলিউড, হলিউডলৈ প্ৰতিগৰাকী বিশ্ববিখ্যাত জনপ্ৰিয় ব্যক্তিত্বকে নৱজ্যোতিয়ে এঙাৰ আৰু চাহেৰ সহায়ত অবিকল তুলি ধৰিবলৈ যত্ন কৰিছে আৰু এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

লিঅ’নেল মেচি (Lionel Messi), ক্ৰিষ্টিয়ানো ৰোণাল্ড’(Cristiano Ronaldo),পপ চিংগাৰ মাইকেল জেকচন (Michael Jackson), প্ৰতিবাদী শিল্পী বব মাৰলি (Bob marley), বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান (Shahrukh Khan) তথা মহান, প্ৰভাৱশালী ব্যক্তি সকলৰ ছবি চাহ নাইবা এঙাৰেৰে অবিকলভাৱে অংকন কৰে যুৱকজনে । স্নাতক পৰ্যায়ত অধ্যয়ণৰত নৱজ্যোতিয়ে এতিয়া প্ৰায় ২৫০ গৰাকী ছাত্ৰ ছাত্ৰীক চিত্ৰাংকণৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হৈছে । অঞ্চলটোত দেৱাল লিখন ,ফলক লিখনৰ বাবে সকলোৰে প্ৰয়োজন নৱজ্যোতিক । সুকীয়া কলাশৈলীৰে স্থানীয় অঞ্চলৰ লগতে ৰাজ্যতো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে নৱজ্যোতি ৷ ওকেদৰে বিভিন্ন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈকো সক্ষম হৈছে আমগুৰিৰ ব্যতিক্ৰমী প্ৰতিভা নৱজ্যোতিয়ে ৷

আৰ্থিকভাবে দুৰ্বল শিক্ষিত যুৱকজনে ছাত্র ছাত্ৰীসকলক চিত্ৰাংকনৰ প্ৰশিক্ষণ প্ৰদানৰ উপৰিও এই প্ৰতিভাৰ জৰিয়তে পৰিয়ালটোক আৰ্থিকভাবে সহায় কৰি আহিছে ।

লগতে পঢ়ক: Statue of Zubeen Garg: ডিগবৈত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰিলে শিল্পী জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.